NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত হোটেলৰ পৰাই চলে অবৈধ গাঞ্জাৰ বেহা,পাঁচ কিলো গাঞ্জাসহ এজনক আটক

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা June 23, 2021 8:31 pm
buu

বঙাইগাঁও চহৰৰ পাগলাস্থান বজাৰৰ ৰামা হোটেলত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই অবৈধ গাঞ্জাসহ সঞ্জীৱ শ্বাহ নামৰ যুৱক এজনক আটক কৰে ৷

সঞ্জীৱ শ্বাহে হোটেলখনৰ পৰা অবৈধ গাঞ্জাৰ বেহা চলাই আহিছিল ৷

বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক লুণা সোণোৱালৰ নেতৃত্বত বঙাইগাঁও চহৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰিসহ আৰক্ষীৰ দলে চলোৱা এই অভিযানত হোটেলখনৰ চিলিঙত লুকুৱাই ৰখা অৱস্থাত পাঁচ কিলো অবৈধ গাঞ্জা উদ্ধাৰ কৰে ৷

লগতে এটা হোকা , এটা ওজন জোখা মেচিন ,গাঞ্জা খাবলৈ ব্যৱহাৰ কৰা কাগজ উদ্ধাৰ কৰি জব্দ কৰে ৷

আৰক্ষীয়ে সঞ্জীৱ শ্বাহক আটক কৰি ভাকাৰিভিটাস্থিত গৃহলৈ নিয়ে আৰু তাতো গাঞ্জা মজুত কৰি ৰখা বুলি অভিযান চলায় ৷ অৱশ্যে গৃহত গাঞ্জা নাপালে আৰক্ষীয়ে ৷

উল্লেখ্য যে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালৰ গাতে লাগি থকা পাগলাস্থান বজাৰৰ এই হোটেলখনত দীৰ্ঘ দিনৰ পৰা অবৈধ গাঞ্জাৰ বেহা চলি আহিছে ৷

মাজে সময়ে আৰক্ষীয়ে অভিযান চলায় যদিও এই অবৈধ বেহা বন্ধ হোৱা নাছিল ৷

বৰ্তমান নামতহে হোটেল যদিও কেৱল গাঞ্জাৰ বেহাহে চলাই আহিছিল ৷ জিলাৰ উপ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে বিশেষ সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত পুৱা আৰক্ষীয়ে এই অভিযান চলায় ৷

খোদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰতে দীৰ্ঘদিনৰ পৰা কেনেকৈ অবৈধ গাঞ্জাৰ বেহা চলি আহিছিল সেয়াহে এক অবুজ সাঁথৰ ৷

কাৰণ এই পাগলাস্থানতে যান- বাহন আৰক্ষীৰ কাৰ্যালয় আছে ৷ বজাৰখনত নিতৌ অহা- যোৱা কৰে আৰক্ষীৰ লোকো ৷

গতিকে কেনেকৈ চলি আছিল এই অবৈধ বেহা ?