NORTHEAST NOW (Assamese)
Popular Stories

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ-খাৱৈত বাগৰিল লখিমপুৰৰ পৰা অহা যাত্ৰীবাহী নৈশ বাছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2025 10:38 am
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ-খাৱৈত বাগৰিল লখিমপুৰৰ পৰা অহা যাত্ৰীবাহী নৈশ বাছ

ৰাজ্যত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাট পতিত হয় নৈশ বাছ। কলিয়াবৰৰ উলুৱনি চাৰিআলিত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

দ-খাৱৈত বাগৰি পৰিল যাত্ৰী ভৰ্তি নৈশ বাছখন।

এখন চাৰিচকীয়া বিলাসী বাহনত খুন্দা মাৰি দুখন দোকান মহটিয়াই নিয়াৰ পাছত দ-খাৱৈত বাগৰি পৰে নৈশ বাছখন।

দুৰ্ঘটনাত কথমপিহে ৰক্ষা পৰে নৈশ বাছৰ যাত্ৰীসকল।

উল্লেখ্য যে, লখিমপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল AS07 BC 9727 নম্বৰৰ ‘প্ৰাণজিৎ’ নামৰ নৈশ বাছখন।