NORTHEAST NOW (Assamese)
অসম

কৃষকৰ স্বাৰ্থতকৈ পদবী ডাঙৰ নহয়, সত্যৰ পক্ষত ৰাজ্যপাল সত্যপাল মালিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2021 2:55 pm
MALIK-750x375

প্ৰায় চাৰি মাহ ধৰি তিনি খনকৈ কৃষি আইন বাতিল কৰাৰ দাবীত দিল্লীৰ সীমান্তত আন্দোলন কৰি থকা কৃষকৰ বিপক্ষে বলীউডৰ বহু শিল্পীৰ লগতে মন্ত্ৰী-বিধায়কে মন্তব্য কৰি অহাৰ সময়তে এইবাৰ কৃষকৰ পক্ষত থিয় দিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে।

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ কৃষকৰ পক্ষত থিয় দিয়াৰ পৰিণাম অতি ভয়াৱহ হ’ব বুলি জানিও মালিকে কৃষকৰ পক্ষতে থাকিব বুলি ঘোষণা কৰিছে।

সত্য পাল মালিকে কৈছে যে আন্দোলন কৰি থকা কৃষকসকলে যাতে খালী হাতে ঘৰলৈ ঘূৰি যাবলগীয়া নহয় সেয়া চৰকাৰে নিশ্চিত কৰিব লাগিব।

ৰাজ্যপালৰ দৰে পদ হেৰুৱালেও তেওঁ কৃষকৰ পক্ষত মাত মাতি যাব বুলি মালিকে স্পষ্ট কৰি দিছে।

উল্লেখ্য কিছুদিন পূৰ্বে কৃষকৰ পক্ষত কথা কৈ চৰকাৰৰ ৰোষত পৰিছিল মেঘালয়ৰ ৰাজ্যপালগৰাকী।

কৃষকৰ দাবী চৰকাৰে মানি নল’লে গেৰুৱা দলটো ব্যাপক ক্ষতিৰ সন্মুখী হ’ব বুলি মালিকে মন্তব্য কৰে।

মালিকৰ এনে মন্তব্যৰ পিছতে শলঠেকত পৰিছে কেন্দ্ৰত শাসনাধিষ্ঠিতিত বিজেপি চৰকাৰ।

সেইবাবেই চৰকাৰে মেঘালয়ৰ ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে।

চৰকাৰৰ যিকোনো পদক্ষেপৰ বাবে সাজু আছো বুলি মন্তব্য কৰি মালিকে কয়—‘কৃষকৰ দুখ আৰু মই সহ্য কৰিব নোৱাৰা হৈ পৰিছো।তেওঁলোকৰ সমস্যা শীঘ্ৰে চৰকাৰে সমাধান কৰা উচিৎ’।