NORTHEAST NOW (Assamese)

ক’ৰ’নাতংক: ৰাষ্ট্ৰীয় সংকটৰ সময়ত নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব নোৱাৰো— উচ্চতম ন্যায়ালয়

April 28, 2021 1:39 pm · এন ই নাও নিউজ

দেশ এতিয়া সংকটৰ গৰাহত।

অদৃশ্য ঘাতক ক’ৰ’নাই এপিনৰ পৰা ঢাহি-মুহি নিছে দেশক।

এনে পৰিস্থিতিত দিল্লী উচ্চ ন্যায়ালয়কে ধৰি দেশৰ কেইবাখনো ৰাজ্যৈৰ উচ্চ ন্যায়ালয়ে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাক চোকা ভাষাৰে সমালোচনা কৰিছে।

উচ্চ ন্যায়ালয়ৰ এনে পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি উচ্চতম ন্যায়ালয়ৰ এখন বিশেষ খণ্ডপীঠে এইবুলি মন্তব্য কৰিছে যে ৰাষ্ট্ৰীয় সংকটৰ সময়ত উচ্চতম ন্যায়ালয়ে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিব নোৱাৰে।

উচ্চ ন্যায়ালয় সমূহে কোভিড পৰিস্থিতি সন্দৰ্ভত যিবোৰ ৰায় দিছে সেই ৰায়ৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰে বুলিও খণ্ডপীঠ খনে স্পষ্ট কৰি দিয়ে।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড,ন্যায়াধীশ এল এন ৰাও  আৰু ন্যায়াধীশ এছ আৰ ভাটকলৈ গঠিত বিশেষ খণ্ডপীঠে এইবুলি কয় যে যদি এই সম্পৰ্কীয় কোনো বিবাদ নিষ্পত্তিত উচ্চ ন্যালয় সমূহে অসুবিধাৰ সন্মুখীন হয় তেন্তে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে সহায় কৰিব।

উচ্চতম ন্যায়ালয়ৰ খণ্ডপীঠখনে কেন্দ্ৰীয় চৰকাৰক কোভিড নিয়ন্ত্ৰণৰ বাবে এটা সুসংহত ৰাষ্ট্ৰীয় নীতি গ্ৰহণৰ নিৰ্দেশ দিয়ে লগতে অক্সিজেনকে ধৰি সকলো প্ৰয়োজনীয় সুবিধাৰ সূচল যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে কোভিড নিয়ন্ত্ৰত ব্যৰ্থ হ’লে দিল্লীৰ চৰকাৰৰ পৰা ক্ষমতা কাঢ়ি আনি কেন্দ্ৰক দায়িত্ব অৰ্পন কৰা হ’ব বুলিও সকিয়াই দিছে।

একেদৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়েও কোভিড পৰিস্থিতিক অধিক জটিল কৰি তোলা বুলি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক দোষাৰোপ কৰিছে আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰাৰো পোষকতা কৰিছে।

Related News