NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ; হাফলঙৰ চৰকাৰী বিদ্যালয়ৰ স্মাৰ্ট ক্লাছৰুমত চাহৰ কেন্টিন!

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব June 26, 2021 11:08 am
canteen in smart classroom

স্মাৰ্ট ক্লাছৰুমৰ বিষয়ে কোৱাৰ লগে লগে আমাৰ সকলোৰে এটা বেলেগ অনুভৱ হ’ব আৰু হোৱাটো স্বাভাৱিক। ছাত্ৰ-ছাত্ৰী সকলেও তেনে শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰাৰ বাবে অধিক আগ্ৰহী হৈ পৰে।

কিন্তু হাফলঙৰ এখন চৰকাৰী বিদ্যালয়ৰ স্মাৰ্ট ক্লাছৰুমৰ ভিতৰৰ দৃশ্য দেখিলে আপুনি স্মাৰ্ট ক্লাছৰুমৰ সংজ্ঞা পাহৰি যাব। কিয়নো বাহিৰত স্মাৰ্ট ক্লাছৰুম বুলি উল্লেখ আছে যদিও কিন্তু ভিতৰত এটা পৰিত্যক্ত কোঠালী। স্মাৰ্ট ক্লাছৰ বিপৰীতে তাত চলে চাহৰ কেন্টিন!

দীৰ্ঘ দিনৰ পৰা জিলা সদৰ হাফলঙৰ অতিকৈ পুৰণি বিদ্যালয়ৰ তেনে অৱস্থাই সচেতন ৰাইজৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আচলতে চৰকাৰে চৰকাৰী শিক্ষা ব্যবস্থাৰ মান উন্নয়নৰ কাৰণে এটাৰ পাছত আনটো পদক্ষেপ লোৱা সময়ত ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয় কৰ্তৃপক্ষৰ মইমতালিৰ বাবে আজি চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতি বিশ্বাস নাইকীয়া হৈছে অধিকাংশ অভিভাৱক বা ছাত্ৰ ছাত্ৰীৰ।

আৰু নহ’বই বা কিয়? কাৰণ চৰকাৰীভাবে আন্তঃগাঁথনি উন্নয়ন বা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে যি সুবিধা প্ৰদান কৰিছে ইয়াৰ পৰা কিন্তু ছাত্ৰ-ছাত্ৰী সকল উপকৃত হোৱা নাই।

হাফলঙৰ এখন চৰকাৰী স্কুলৰ তেনে কৰ্মকাণ্ডই চৰকাৰী শিক্ষাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। কাৰণ চৰকাৰী স্কুলৰ স্মাৰ্ট ক্লাছৰুমত চলে বিদ্যালয়ৰ চাহৰ কেন্টিন। ডিজিটেল এলইডি স্ক্ৰীন বা প্ৰজেক্টৰৰ পৰিবৰ্তে আছে গেছৰ ষ্ট’ভ বা চাহ বনোৱাৰ বস্তু আৰু ৰেফ্ৰিজেৰেটৰ। আছে বিস্কুটৰ বাকচ।

স্মাৰ্ট ক্লাছৰুমৰ নামত আছে অকল কেইখনমান ডেস্ক-বেঞ্চ আৰু কেইটামান ভঙা কম্পিউটাৰ আদি। অথচ চৰকাৰে শিক্ষাৰ মান উন্নয়নৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে সমগ্ৰ শিক্ষা অভিযান বা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আঁচনিৰ যোগেদি কোটি কোটি আবণ্টন দিছে।

কিন্তু বাস্তৱত ছাত্ৰ-ছাত্ৰী সকলে একো পোৱা নাই। শিক্ষক সকলে অকল মাহেকীয়া দৰমহা লৈ নিজৰ কৰ্তব্য পালন কৰাৰ বাদে বাকী একো হোৱা নাই।

হাফলঙৰ এই বিদ্যালয়খন হ’ল হাফলংগভমেন্ট বয়েজ এইচ এছ স্কুল। ১৯৫১ চনত স্থাপন হোৱা ডিমা হাছাও জিলাৰ অন্যতম পুৰণি শিক্ষা প্ৰতিষ্ঠান হাফলং গভমেন্ট বয়েজ এইচ এছ স্কুলৰ স্মাৰ্ট ক্লাছৰুমত দীৰ্ঘ দিন ধৰি চাহৰ কেন্টিন চলি থকাৰ অভিযোগ আছিল। আজিও বিদ্যালয়ত উপস্থিত হ’লে সেইকথা সঁচা প্ৰমাণিত হয়।

বিদ্যালয়ৰ অধ্যক্ষ স্বপন বৰ্মনে কয় যে ক’ভিডৰ কাৰণে বিদ্যালয় বন্ধ আছে। আনহাতে, যোৱা বছৰ এই বিদ্যালয়ত কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হৈছিল। যাৰ বাবে কেন্টিনৰ সামগ্ৰী স্মাৰ্ট ক্লাছৰুমত সুৰক্ষাৰ কাৰণে ৰখা হৈছিল।

IMG20210624105816
বিদ্যালয়খনৰ অধ্যক্ষ স্বপন বৰ্মন। ফটো: নৰ্থইষ্ট নাও।

অধ্যক্ষ বৰ্মনে কয় যে বিদ্যালয়ত যোৱা আঠ মাহ বিদ্যুৎ নাছিল। তদুপৰি, ছ’লাৰ পাওৱাৰ ব্যবস্থায়ো কাম কৰা নাই বুলি অভিযোগ কৰা হৈছে। তেনে পৰিস্থিতিৰ মাজৰে দিন কটাবলগীয়া হৈছে। বিদ্যালয়ৰ হোষ্টেল নাই। তাত মডেল স্কুল কৰা হৈছে।

কিন্তু প্ৰশ্ন হ’ল যে জিলা সদৰৰ মাজমজিয়াত যদি চৰকাৰী শিক্ষা প্ৰতিষ্ঠানত তেনে তথৈবচ অবস্থা, তেতিয়াহ’লে জিলাৰ ভিতৰুৱা অঞ্চলত চৰকাৰী শিক্ষা কোন দিশে গতি কৰিছে এয়া কোৱাৰ প্ৰয়োজন নাই। তেনে পৰিস্থিতিত বিদ্যালয় পৰিচালনা সমিতিৰ সামগ্ৰিক ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে, এই বিদ্যালয়ৰ পৰা অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে আইএএছ, আইপিএছ পোৱাৰ উপৰি দেশৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত বিদ্যালয়খনৰ তেনে পৰিবেশ সঁচাকৈ দুৰ্ভাগ্যজন।

চৰকাৰে টেট পাতি শিক্ষক নিযুক্তি দিছে। আন্তঃগাথঁনিৰ বাবে চৰকাৰী আঁচনিৰ ধন মোকলাই দিছে। কিন্তু বাস্তৱত ইয়াৰ প্ৰতিফলন হোৱা নাই। তেনে পৰিস্থিতিত চৰকাৰী শিক্ষা খণ্ডৰ আমূল সংস্কাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে।

অন্যথা মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত তেনে ব্যবস্থাই কোনো প্ৰভাৱ পেলাবলৈ যে সক্ষম নহয় সেয়া নিশ্চিত।