NORTHEAST NOW (Assamese)

ভাৰত-ভূটান সীমান্তৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ দেউশ্ৰীত এজনী হাতী গুলীয়াই হত্যা

September 3, 2020 6:38 am · ৰিণয় বসুমতাৰী
Updated: September 3, 2020 6:41 am

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ অক্সিগুৰিত এজনী বনৰীয়া হাতী হত্যা কৰিছে দুস্কৃতিকাৰীয়ে।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰায় ৪০ বছৰীয়া নিহত বনৰীয়া হাতীজনীৰ গাত গুলিবিদ্ধ হোৱাৰ চিন স্পষ্ট হোৱাৰ লগতে ওচৰত উদ্ধাৰ হৈছে দুটাকৈ গুলীৰ খালী কাৰ্টুজ।

চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে যোৱা নিশাই সংঘটিত হোৱা এই হাতী হত্যাত তথ্য পোহৰলৈ আহে কালি দুপৰীয়াৰ ভাগত।

তাৰ পিছতে বন বিভাগৰ লোক ঘটনাস্থলীত গৈ উপস্থিত হয়।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পশু চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীজনীৰ মৰণোত্তৰ পৰিক্ষা কৰে।

মৃত হাতীজনীৰ শৱদেহ নিশাই সৎকাৰৰ ব্যৱস্থা কৰে বন বিভাগে। বন বিভাগৰ লোকে বনৰীয়া হাতীজনীক কোনে কিয় হত্যা কৰিলে এই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখ্য যে কৰিব লাগিব যে কুছুদিন পুৰ্বে বন বিভাগ আৰু আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই চাৰিটা হাতী দাঁতৰ লগতে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

এই হাজীজনীক হত্যা কৰাৰ পিছতে স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে যে হাতীদাঁতৰ ব্যৱসায়ৰ লগতে হাতীৰ অন্য অংগৰো ব্যৱসায়ো হয় নেকি?

সেই বিষয়েও বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতী হত্যাৰ বিষয়টো বন বিভাগৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত চাঞ্চল্যৰ সৃষ্টী কৰিছে।

Related News