NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ৰ চাহ বাগানত দুটা মতা নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

January 24, 2019 9:34 pm · অভিক চক্ৰবৰ্তী

ডিব্ৰুগড়ৰ তেলপানী সংৰক্ষিত বনাঞ্চলৰ ওচৰৰ দত্ত বাগান চাহ বাগিচাৰ ভিতৰত ২টা মতা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হৈছে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত বনকৰ্মীৰ এটা দল ঘটনাস্থলীত গৈ উপস্থিত হয়।

বন বিষয়াসকলে জনাইছে যে এলেকাৰ বাবে দুয়োটা মতা নাহৰপুটুকী বাঘৰ মাজত হোৱা সংগাতৰ পৰিণতিতেই বাঘ দুটাৰ মৃত্যু ঘটিছে। নাহৰফুটুকী দুটাৰ মৃতদেহ দুটা ওচৰা-ওচৰিকৈ পৰি থকাটো বাগানখনৰ কৰ্মচাৰীসকলে প্ৰত্যক্ষ কৰে।

স্থানীয় বাসিন্দাসকলে জনাইছে যে তেওঁলোকে দুটা বাঘৰ মাজত যুঁজ লগাৰ শব্দ শুনিছিল। তেওঁলোকে আৰু জনাইছে যে কেইদিনমান ধৰি খাদ্যৰ সন্ধানত নাহৰফুটুকীয়ে গাঁৱৰ এলেকাত ঘূৰি ফুৰিছিল।

বিশেষজ্ঞসকলে কৈছে যে বনাঞ্চল সংকুচিত হৈ অহাৰ বাবে বাঘ খাদ্যৰ সন্ধানত মানুহৰ আৱাসিক এলেকাসমূহলৈ অৰণ্যৰ পৰা ওলাই আহিছেযাৰ ফলত মানুহ আৰু বন্যপ্ৰাণীৰ মাজৰ সংঘাত বৃদ্ধি পাইছে।

Related News