NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড আৰু কৰোণাৰ বানান সলালেই নোহোৱা হৈ যাব ভাইৰাচ! এজন লোকৰ আজৱ উপদেশ, চাওক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2021 4:32 pm
cor

বিশ্বৰ পৰা ক’ভিড-১৯ নিৰ্মূলৰ বাবে এক আজৱ উপদেশ প্ৰদান কৰিলে অন্ধ প্ৰদেশৰ অনন্তপুৰম জিলাৰ এজন লোকে।

এটা এডভাৰ্টাইজমেণ্টযোগে এছ ভি আন্নন্দ্দ ৰাও নামৰ লোকজনে জনায় যে ক’ৰোণা (Corona) আৰু ক’ভিড-১৯ৰ (COVID-19) বানান দুটা সলালেই ভাইৰাচবিধ নোহোৱা হৈ যাব।

এজনে টুইটাৰ ব্যৱহাৰকাৰীয়ে এডভাৰ্টাইজমেণ্টৰ প’ষ্টাৰখন টুইটাৰত শ্বেয়াৰ কৰাৰ পাছতে এই লৈ তীব্ৰ হাস্যৰসৰ সৃষ্টি হৈছে।

এডভাৰ্টাইজটোৰ মতে, Corona শব্দটোক ‘Caronaa’  আৰু COVID শব্দটোক ‘Covviyd’-লৈ ৰূপান্তৰ কৰিলে ভাইৰাচবিধৰ পৰা মানৱজাতিয়ে পৰিত্ৰাণ লাভ কৰিব।

লোকজনে কয় যে এনেধৰণে বানান সলাই শব্দ দুটা ঘৰৰ দৰ্জামুখ অথবা ৰাজহুৱা স্থানত লিখিলেই ভাইৰাচবিধ বিশ্বৰ পৰা আতৰি যাব।

তেওঁ  সংখ্যাতত্বৰ ওপৰত ভিত্তি কৰি এই উপদেশ প্ৰদান কৰা বুলি কয়।

এডাৰভাইটাজমেণ্টটোত লোকজনে নিজৰ ফোন নাম্বাৰটোও সংলগ্ন কৰিছে।

এই বিষয়টো লৈ বৰ্তমান সামাজিক মাধ্যমত তীব্ৰ চৰ্চা হৈছে।