NORTHEAST NOW (Assamese)

ৰাজহুৱা স্থানত অশ্লীল ভিডিঅ’ শ্বুটিং আৰু ভাইৰেল কৰি বিপদত পৰিছে অভিনেত্ৰী পুনম পাণ্ডে

November 5, 2020 9:39 am · এন ই নাও নিউজ
Updated: November 5, 2020 9:43 am

অভিনেত্ৰী পুনম পাণ্ডেৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে গোৱা আৰক্ষীয়ে।

গোৱা আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি গোৱাৰ চাপলিৰ কানাক’নাস্থিত এটা বান্ধত অশ্লীল ভিডিঅ’ শ্বুটিং কৰি ভিডিঅ’টো ভাইৰেল কৰাৰ অভিযোগত বুধবাৰে অভিনেত্ৰী পুনমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

বান্ধটোৰ তদাৰকৰ দায়িত্বত থকা গোৱাৰ জল সম্পদ বিভাগে অভিনেত্ৰী গৰাকীয়ে ৰাজহুৱা স্থান তথা সম্পদৰ ক্ষেত্ৰত অনধিকাৰেৰে প্ৰৱেশ কৰি অশ্লীল ভিডিঅ’ শ্বুটিং কৰাৰ অভিযোগ তুলি আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছিল।

এই অভিযোগৰ সন্দৰ্ভত অভিনেত্ৰী পুনম পাণ্ডক সোধ পোচৰ বাবে আৰক্ষীয়ে চমন প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে উপ আৰক্ষী অধীক্ষ নেলচন এলবুকুৰাক-এ।

“এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত পাণ্ডেৰ বিৰুদ্ধ এটা গোচৰ ৰুজু কৰা হৈছে। তেওঁ চৰকাৰী তথা ৰাজহুৱা সম্পদৰ ক্ষেত্ৰত অনধিকাৰ প্ৰৱেশ কৰি অশ্লীল ভিডিঅ’ শ্বুটিং আৰু ভাইৰেল কৰাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছে।” উপ আৰক্ষী অধীক্ষ নেলচন এলবুকুৰাক-এ কয়।

ইফালে এগৰাকী লোকে ৰাজহুৱা সম্পদক অপব্যৱহাৰ কৰি অশ্লীল ভিডিঅ’ শ্বুটিং কৰিবলৈ কেনেকৈ সক্ষম হ’ল বুলি প্ৰশ্ন কৰিছে গোৱা প্ৰদেশ কংগ্ৰেছৰ লগতে গোৱা ফৰৱাৰ্ড পাৰ্টিয়ে।

Related News