NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্মীয় বিদ্বেষ বিয়পোৱাৰ অভিযোগ! : অভিনেত্ৰী কংগণা ৰানাৱাটসহ ভগ্নীৰ বিৰুদ্ধে FIR পঞ্জীয়ন কৰাৰ নিৰ্দেশ মুম্বাই আদালতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2020 3:30 pm
index.jpg

বান্দ্ৰাৰ দণ্ডাধীশ মেট্ৰ’পলিটান আদালতে বলিউদৰ অভিনেত্ৰী কংগণা ৰানাৱাট আৰু ভগ্নী ৰংগুলী চাণ্ডেলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে কংগণা আৰু ভগ্নী ৰংগুলীৰ চাণ্ডেলে টুইটাৰৰ যোগে দুই ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ‘ঘৃণা আৰু বিদ্বেষ’ বিয়পাই উত্তেজনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত দাখিল কৰা এজাহাৰ পঞ্জীয়ন কৰিবলৈ আদালতে নিৰ্দেশ দিছে।

মুম্বাইৰ এগৰাকী কাষ্টিটং পৰিচালক তথা ফিটনেছ ট্ৰেইনাৰ মুন্নাৱাৰালী চাইদে ইতিমধ্যে দুই ভগ্নীয়ে দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত বিভাজনৰ বীজ সিঁচি দিয়াৰ প্ৰয়াস কৰাৰ বুলি এক অভিযোগ দাখিল কৰিছিল।

মুম্বাই আদালতৰ মেজিষ্ট্ৰেট জয়দেউ খুলেই কয় যে অভিযুক্তৰ বিৰুদ্ধে বৈদ্যুতিন আৰু সামাজিক মাধ্যম তথা টুইটাৰত আপত্তিজনক সাক্ষাৎকাৰ আৰু পোষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগসমূহ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা অনুসন্ধান কৰাতো প্ৰয়োজন বুলি কৈ উক্ত এজাহাৰ পঞ্জীয়ন কৰা নিৰ্দেশ জাৰি কৰিছে।

চাইদে কংগণা আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৫৩এ, ২৯৫এ, ১২৪সহ ৩৪ ধাৰাত অভিযোগ দাখিল কৰিছিল।

উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সময়ৰে পৰা কংগণাই সামাজিক মাধ্যমৰ যোগেদি যথেষ্ট বিতৰ্কিত মন্তব্য কৰি আহিছে।

আনকি কংগণাই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইনক বিৰোধ কৰা দেশৰ কৃষকসকলকলৈও বিৰূপ মন্তব্য কৰা দেখা গৈছিল।