ৰাহুলৰ ন্যায় যাত্ৰাত অথন্তৰ : মোদী ৰাজ্য গুজৰাটত পকেটমাৰে খালী কৰিলে ১০ জন কংগ্ৰেছীৰ পকেট

লোকসভা নিৰ্বাচনৰ পূৰ্বে জনসংযোগ অভিযান হিচাপে ভাৰত জুড়ো ন্যায় যাত্ৰাত নামি পৰে ৰাহুল গান্ধী । মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জুড়ো ন্যায় যাত্ৰা এতিয়া গুজৰাটত উপস্থিত হৈছে। আন আন ৰাজ্যৰ দৰে গুজৰাটতো ৰাহুলৰ যাত্ৰাত যোগ দিবলৈ আহিছে অগণন লোক। পিছে অথন্তৰ ঘটিছে গুজৰাটত চলা ভাৰত জুড়ো ন্যায় যাত্ৰাত। পকেটৰমাৰে খালী কৰিছে ভাৰত জুড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰা ব্যক্তিৰ পকেট।
গুজৰাটত প্ৰৱেশ কৰি তৃতীয় দিনৰ দিনা ৰাহুল গান্ধীৰ যাত্ৰা ছোটোদেউপুৰৰ বডেলীত উপস্থিত হোৱাে সময়তে হঠাৎ হুলস্থুলৰ সৃষ্টি হয়। এজন মানুহে হঠাৎ চিঞৰি উঠে যে তেওঁৰ পকেটৰ পৰা চুৰি কৰা হৈছে। তেওঁৰ কথা শুনি সকলোৱে নিজৰ পকেটত হাত দি দেখে যে বহুতৰে পকেট খালী। ৰ
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত বিপুল জনসমাগমৰ সুযোগ লৈ এনেদৰেই সুযোগ গ্ৰহণ কৰিছে পকেটমাৰে। ইতিমধ্যে আৰক্ষীৰ ওচৰ চাপিছে পকেটমাৰৰ বলি হোৱা ব্যক্তি সকল।
বদোদৰাৰ এজন ব্যৱসায়ী চন্দ্ৰকান্ত ভট্টুৱে ৰাহুল গান্ধীক লগ কৰি ভাৰত জোডো ন্যায় যাত্ৰাত যোগদান কৰিবলৈ আহিছিল। কিন্তু পকেটমাৰটোৱে তেওঁ মানিবেগটো লৈ যায়। তেওঁ কয় যে তেওঁৰ মানিবেগটোত ৪২ হাজাৰ টকা আছিল। এই পৰ্যন্ত ১০ জন লোকে পকেট চুৰি কৰাৰ খবৰ আৰক্ষীক দিছে।
আৰক্ষীৰ মতে, জন সমাগমৰ সুযোগ লৈ পেকেটমাৰে এই কাম সংঘটিত কৰিছে। ইতিমধ্যে আৰক্ষীয়ে সন্দেহৰ ভিত্তিত এজনক আটক কৰিছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে।