NORTHEAST NOW (Assamese)

বিশ্বৰ বৃহত্তম চাৰ্ছ ইঞ্জিন গুগলৰ বিৰুদ্ধে গোচৰ আমেৰিকাৰ : কিন্তু কিয় তৰিলে গোচৰ ? জানিবলৈ পঢ়ক

October 22, 2020 11:56 am · এন ই নাও নিউজ
Updated: October 22, 2020 12:01 pm

বিশ্বৰ মুকুটবিহীন সম্ৰাটসদৃশ ইন্টাৰনেটৰ চাৰ্ছ ইঞ্জিন গুগলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। বিশ্বাস ভংগ আৰু প্ৰতিযোগিতামূলক বজাৰ নষ্ট কৰাৰ অভিযোগত আমেৰিকাই বিশ্বৰ অন্যতম তথ্য প্ৰযুক্তি সংস্থাটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

বিশ্বৰ সৰ্ববৃহৎ ইন্টাৰনেটৰ চাৰ্ছ ইঞ্জিনটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিষ্ঠানটোৱে একচেটীয়া বৱসায় প্ৰতিষ্ঠা কৰিবলৈ নিজৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি আহিছে বুলি অভিযোগ আমেৰিকাৰ। আনকি নিজৰ ব্যৱসায়িক প্ৰভাৱ কায়েম ৰাখিবলৈ সংস্থাটোৱে প্ৰতিযোগিতামূলক বজাৰখনো নষ্ট কৰি পেলাইছে।

আনহাতে বিজ্ঞাপনৰ ক্ষেত্ৰতো সংস্থাটোৱে কৌশলেৰে বিপুল পৰিমাণৰ ধন আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে। বহুকেইটা স্মাৰ্টফোন প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিলৈ আহি অনৈতিকভাৱে গুগলে ব্ৰাউজাৰ ডিফল্ট চাৰ্ছ ইঞ্জিন হিচাপে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে।

এইদৰে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনক গুগলে একচেটীয়াভাৱে দখল কৰি প্ৰতিযোগিতাৰ পৰিৱেশ নষ্ট কৰিছে বুলি অভিযোগ তুলিছে ট্ৰাম্প প্ৰশাসনে।

ইণ্ডিয়ানা, জৰ্জিয়া, ফ্ল’ৰিডা, কেল্টাকি, লুইছিয়ানাসহ আমেৰিকাৰ ১১ খনকৈ ৰাজ্যয়ো গুগলৰ বিৰুদ্ধে বিশ্বাসভংগৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে গুগলৰ বিৰুদ্ধে বিশ্বাসভংগৰ অভিযোগ এয়াই প্ৰথম অভিযোগ নহয়।

ইফালে গুগলে তথ্য প্ৰযুক্তিৰ পৃথিৱীখনত অনৈতিক প্ৰচেষ্টাৰে একাধিপত্য কায়েম ৰাখিলে ইয়াৰ উপভোক্তাসকলেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব বুলি তথ্য প্ৰযুক্তি বিশ্লেষকসকলে মন্তব্য কৰিছে। সেয়ে তথ্য প্ৰযুক্তি বিশ্লেষকসকলে গুগলৰ বিৰুদ্ধে মাৰ্কিন প্ৰশাসনে লোৱা এই ব্যৱস্থাক সমৰ্থন কৰিছে।

স্মৰ্তব্য যে ১৯৯৮ চনত মাইক্ৰ’ছফ্ট নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধেও এনে বিশ্বাসভংগৰ অভিযোগ উত্থাপন হৈছিল।

Related News