NORTHEAST NOW (Assamese)

‘টকাই ৰজা’! কৰোণাৰ সময়তো আইপিএল খেলাক লৈ তীব্ৰ কটাক্ষ এইজন প্ৰাক্তন তাৰকাৰ

April 28, 2021 5:52 pm · এন ই নাও নিউজ
(ফাইল ফটো)

ভয়াৱহ কৰোণা মহামাৰীৰ সময়তো আইপিএলত অংশগ্ৰহণ কৰাৰ বাব অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ ক্ৰিকেটাৰসকলক সমালোচনা কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ব্ৰেড হজে।

টকাৰ বাবে ক্ৰিকেটাৰসকলে আইপিএলত অংশগ্ৰহণ কৰাটো নতুন কথা নহয়।

কিন্তু ইয়াত আপত্তি দৰ্শাইছে ব্ৰেড হজে।

তেওঁ প্ৰশ্ন কৰ যে মহামাৰীৰ সময়ছোৱাত কিদৰ এতিয়াও ভাৰতত অষ্ট্ৰেলিয়ান আৰু ইংলিছ ক্ৰিকেটাৰসকলে খেল আছে।

এজন ক্ৰিকেট অনুৰাগীৰ এটা টুইট শ্বেয়াৰ কৰি তেওঁ এই বাৰ্তা আগবঢ়াইছে।

ইয়ান হিগ্গিনছ নামৰ অনুৰাগীজনে লিখিছিল যে কোভিডৰ বাবে যিসময়ত দুয়োখন দেশে দক্ষিণ আফ্ৰিকা ভ্ৰমণ বাতিল কৰিছলি, সেই সময়তে দুয়োখন দেশৰ ক্ৰিকেটাৰসকল ভাৰতত পুৰ্ণোদ্যমে আইপিএল খেলি আছে।

অনুৰাগীজনৰ টুইটটো ব্ৰেড হজে শ্বেয়াৰ কৰি কটাক্ষভাৱে লিখে- “টকাই ৰজা”।য

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমনে হজে আইপিএলতো এসময়ত অংশগ্ৰহণ কৰিছিল।

টুইটাৰত তেওঁৰ এই প্ৰতিক্ৰিয়াটো সামাজিক মাধ্যমত চৰ্চা লাভ কৰা দেখা গৈছে।

Related News