NORTHEAST NOW (Assamese)
Popular Stories

যুদ্ধবিধ্বস্ত গাজাৰ কৰুণ ছবি! পুষ্টিহীনতা আৰু চিকিৎসাৰ অভাৱত ৮০০০ শিশু, বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্বেগ প্ৰকাশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2024 8:38 pm
যুদ্ধবিধ্বস্ত গাজাৰ কৰুণ ছবি! পুষ্টিহীনতা আৰু চিকিৎসাৰ অভাৱত ৮০০০ শিশু, বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্বেগ প্ৰকাশ

ইজৰাইলী সেনাৰ বোমা-গোলা-ক্ষেপণাস্ত্ৰই ইখনৰ পাছত গাজাৰ সিখন চিকিৎসালয় ধ্বংস কৰিছে। ঔষধ, চিকিৎসা সঁজুলি আনকি খাদ্য সামগ্ৰীও অনিয়মিত। এই পৰিস্থিতিত গাজা ষ্ট্ৰিপত চিকিৎসা আৰু পুষ্টিৰ অভাৱত প্ৰায় ৮০০০ পেলেষ্টাইনী শিশুৱে মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে! সকলোৰে বয়স পাঁচ বছৰ বা তাতকৈ কম।

ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যাই কেইদিনমান পূৰ্বে প্ৰকাশ কৰা অনুসৰি ২০১৯ চনৰ পৰা ২০২২ চনলৈকে চাৰি বছৰত বিশ্বত নিহত শিশুৰ সংখ্যাতকৈয়ো ২০২৩ চনৰ অক্টোবৰৰ আৰম্ভণিতে গাজাত আৰম্ভ হোৱা যুদ্ধত পেলেষ্টাইনী শিশুৰ সংখ্যা বেছি। ইয়াৰ বাহিৰেও অনাহাৰ আৰু অপুষ্টিৰ বাবে বহু শিশুৰ মৃত্যু হৈছিল।যাৰ মুঠ সংখ্যা প্ৰায় ১৬ হাজাৰ!

এনে পৰিস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাই এই পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি টেল আভিভক তাৎক্ষণিক যুদ্ধবিৰতি আৰু গাজা ঘেৰাও কৰি মানৱীয় সাহায্যৰ বাবে আবেদন জনাইছে। বুধবাৰে টেড্ৰ’ছ অ্যাডানম গেব্ৰেইছাছে কয় যে, “গাজা দুৰ্যোগৰ সীমাত উপনীত হৈছে!”