NORTHEAST NOW (Assamese)

গো-সুৰক্ষা আইন ধোঁৱাচাঙত, কলিয়াবৰত অব্যাহত গৰুৰ চোৰাং বেহা

December 29, 2021 11:51 am · ৰিদিপ শৰ্মা, কলিয়াবৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গো-সুৰক্ষা আইনক ভেঙুচালি কৰি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা।

চোৰাং বেপাৰীয়ে গো-সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুওৱাই ন ন চতুৰ কৌশলেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা।

এইবাৰ বিলাসী বাহন কঢ়িয়াই নিয়া কন্টেনাৰত চোৰাং বেপাৰীয়ে গৰু চোৰাং বেপাৰ কৰি অহা তথ্য পোহৰলৈ আহিছে।

মংগলবাৰে নিশা ৩৭ নং ঘাইপথেৰে চোৰাংভাৱে গৰু কঢ়িয়াই নিয়া এনে এখন কন্টেনাৰ জব্দ কৰিছে কলিয়াবৰ আৰক্ষীয়ে।

কলিয়াবৰ বাগৰী আৰক্ষীৰয়ে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰু কঢ়িয়াই অনা AS01CC8143 নম্বৰৰ কন্টেইনাৰখন জব্দ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি কন্টেইনাৰখনে উজনিৰ পৰা কঢ়িয়াই আনিছিল ২৯ টাকৈ চোৰাং গৰু। আৰক্ষীয়ে নিয়মীয়া তালাচীত এক গোপন সূত্ৰৰ সম্ভেদ লাভ চোৰাং গৰুসহ কন্টেইনাৰখন জব্দ কৰিবলৈ সক্ষম হয়।

অৱশ্যে নিশাৰ অন্ধকাৰৰ সুযোগত আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰে কন্টেনাৰখনৰ চালকসহ হেণ্ডিমেনে। আৰক্ষীয়ে বাহনখন তন্ন তন্নকৈ পৰীক্ষা কৰি চালক হেণ্ডিমেনে গাড়ীত এৰি থৈ যোৱা দুটাকৈ ম’বাইল ফোন জব্দ কৰিছে।

বৰ্তমান দুয়োটা ম’বাইল ফোনৰ জৰিয়তে আৰক্ষীয়ে সৰবৰাহকাৰী, তথা চালক-হেন্দিমেনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

এই ঘটনাই প্ৰমাণ কৰিছে ৰাজ্যত গো-সুৰক্ষাৰ দৰে কঠোৰ আইন প্ৰণয়ন কৰিও গৰুৰ চোৰাং বেপাৰ বন্ধ কৰিব পৰা নাই ৰাজ্য চৰকাৰে।

Related News