NORTHEAST NOW (Assamese)

জীৱনৰ প্ৰতি ভাবুকি আহিছে ৰিয়া চক্ৰৱৰ্তীৰ, বিচাৰিলে আৰক্ষীৰ নিৰাপত্তা

August 29, 2020 2:03 pm · এন ই নাও নিউজ

বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ জীৱনৰ প্ৰতি আহিছে চৰম ভাবুকি।

সুশান্তৰ মৃত্যু ৰহস্যৰ সৈতে সাঙোৰ খাই পৰাৰ পিছৰে পৰা ৰিয়াৰ জীৱনলৈ ভাবুকি নামি অহা বুলি ৰিয়াই নিজেই মুম্বাই আৰক্ষীৰ আগত প্ৰকাশ কৰিছিল।

মুম্বাই আৰক্ষীক তেওঁ সেয়ে নিৰাপত্তা প্ৰদান কৰাৰো অনুৰোধ জনাইছিল। একাংশ সাংবাদিকো এতিয়া ৰিয়াৰ বাবে হৈ পৰিছে ভয়ৰ কাৰণ।

সুশান্তৰ মৃত্যুৰ সৈতে ৰিয়াৰ নাম সাঙোৰ খাই পৰাৰ পিছৰে পৰা বহু সাংবাদিকে ৰিয়াৰ পিছ নেৰা হৈছে।

আনকি বহু সাংবাদিকে ৰিয়াৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰাৰ বাবেও চেষ্টা চলোৱা বুলি ৰিয়াই অভিযোগ কৰিছে।

কালি চিবিআই-এ ৰিয়াক জেৰা চলোৱাৰ সময়তো ৰিয়াই জীৱনৰ প্ৰতি ভাবুকি অহা বুলি মন্তব্য কৰি আৰক্ষীৰ নিৰাপত্তা বিচাৰিছিল।

ৰিয়াৰ অনুৰোধৰ ভিত্তিতে আজি মুম্বাই আৰক্ষীলৈ চিবিআই-এ পত্ৰ লিখি ৰিয়াৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ কয়।

উক্ত পত্ৰৰ ভিত্তিতে মুম্বাই আৰক্ষীয়ে ৰিয়াক ঘৰৰ পৰা জেৰাৰ বাবে ডি আৰ ডি অ’ অতিথিশালালৈ অহাৰ সময়ত ৰিয়া আৰু তেওঁৰ ভাতৃক নিৰাপত্তা দিব বুলি প্ৰকাশ কৰিছে।

কালি ৰিয়াক চিবিআই-এ কৰা জেৰাত বহু কেইটা প্ৰশ্ন কৰা হৈছিল যদিও সকলো প্ৰশ্নৰ উত্তৰ তেওঁ যথাযথ ভাবে দিব পৰা নাই বুলি জানিব পৰা গৈছে।

Related News