NORTHEAST NOW (Assamese)
অসম

নীৰৱ মোদীকো চেৰ পেলালে; ৭,৯২৬ কোটি টকাৰ বেংক প্ৰতাৰণাত অভিযুক্ত এই সংস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2020 11:47 am
Representative

নীৰৱ মোদীকো চেৰ পেলাই বৃহৎ প্ৰতাৰকৰ ৰূপত আৱিৰ্ভাৱ ঘটিছে হায়দৰাবাদত। ট্ৰেন্সটয় (ইণ্ডিয়া) লিমিটেড নামৰ সংস্থাটোৰ বিৰুদ্ধে মুঠ ৭,৯২৬কোটি টকা বেংক প্ৰতাৰণাৰ অভিযোগ আনিছে চিবিআইয়ে।

বাতৰি অনুসৰি, হীৰা ব্যৱসায়ী নীৰৱ মোদীতকৈয়ো বৃহৎ অংকৰ ঋণ অনাদায় হৈ আছে সংস্থাটোৰ নামত। কেইবাটাও বেংকৰ পৰা সংস্থাটোৱে ঋণ লৈছে।

ট্ৰেন্সটয়ে পথ, দলং, মেট্ৰ’ ৰে’ল সংক্ৰান্তীয় ব্যৱসায়ৰ লগতে তেল তথা গেছ ব্যৱসায়ৰ সৈতেও জড়িত।

জানিব পৰা মতে, ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত জাৰি কৰা ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণৰ নিৰ্দেশ অনুসৰি বৰ্তমান এই সংস্থাটো বন্ধ কৰাৰ প্ৰক্ৰিয়া চলিছে।

চিবিআইৰ এজাহাৰত ট্ৰেন্সটয় আৰু ইয়াৰ মুখ্য পৰিচালন সঞ্চালক চেৰুকুৰি শ্ৰীধৰৰ উপৰিও সংস্থাটোৰ দুগৰাকী অতিৰিক্ত সঞ্চালক ৰায়াপতি সম্বাশিৱ ৰাও আৰু এক্কি নেনি সতীশৰ নাম আছে।

শুকুৰবাৰে হায়দৰাবাদ আৰু গুল্টুৰত সংস্থাটোৰ বিভিন্ন কৰ্মচাৰীৰ ঘৰত চিবিআইৰ অভিযানকাৰী দলে তালাচী চলায়। অভিযানত বেংক প্ৰতাৰণাৰ সৈতে জড়িত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ হৈছে।

ট্ৰেন্সটয়ে লোৱা ঋণৰ টকা নথিত জালিয়াতিৰ কৰি হৰলুকি কৰাৰ অভিযোগ উঠিছে। কানাড়া বেংককে ধৰি বিভিন্ন বেংকৰ পৰা ঋণ লৈছে সংস্থাটোৱে। তেওঁলোকে ঋণৰ বাবদ পোৱা টকা অন্য কামত খৰচ কৰিছে। ইয়াৰ ফলত কানাড়্য বেংককে ধৰি কেইবাটাও ঋণদাতা সংস্থাই মুঠ ৭৯২.০১ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে।