NORTHEAST NOW (Assamese)

NTAৰ মূৰব্বীক অপসাৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ; নীট পৰীক্ষা সন্দৰ্ভত তদন্ত কৰিব কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই

June 23, 2024 8:31 am · এন ই নাও নিউজ, গুৱাহাটী

নীট বিতৰ্কৰ মাজতে ইউজিচি নেট বাতিল কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে কয় যে চিবিআইয়ে অনিয়মৰ অভিযোগৰ তদন্ত কৰিব। এইবাৰ নীট-ইউ জিৰ তদন্তও CBIৰ ওপৰত ন্যস্ত কৰা হৈছে। বিজেপি নেতা অমিত মালব্যই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে চিবিআইয়ে NEET-UG ৰ তদন্ত কৰিব। এন টি এৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

শনিবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো বৃহৎ পৰীক্ষাত স্বচ্ছতা বজাই ৰাখিবলৈ এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে। সেই সমিতি গঠন কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে এন টি এৰ ডি জি সুবোধ কুমাৰ সিঙক অপসাৰণ কৰা হয়। এই সিদ্ধান্তৰ পিছত গম পোৱা গ’ল যে গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া হৈছে। ইতিমধ্যে কেন্দ্ৰই আন এটা পৰীক্ষা পিছুৱাই দিছে।

দেওবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল NEET-PG পৰীক্ষা। কিন্তু কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ে ক’লে যে সেয়া অনুষ্ঠিত নহ’ব৷ যদিও পুনৰ কেতিয়া পৰীক্ষা অনুষ্ঠিত হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই, তথাপিও অতি সোনকালে ইয়াৰ তাৰিখ ঘোষণা কৰা হ’ব বুলি কোৱা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কয় যে পৰীক্ষা পিছুৱাই দিয়াৰ কাৰণ এন টি এৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন হৈছে। গতিকে পৰীক্ষাত যাতে কোনো অনিয়ম নহয় তাৰ বাবে এই পৰীক্ষাটো আপাততঃ পিছুৱাই দিয়া হৈছে।

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে ইতিমধ্যে বুজাই দিছে যে নীটক লৈ ইমান বিতর্কৰ মাজতো কিয় পৰীক্ষা বাতিল নহ’ল৷ তেওঁৰ মতে, ২০২৪ চনত নীট প্ৰশ্ন ফাদিলৰ প্ৰভাৱ ২০০৪ আৰু ২০১৫ চনৰ চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ দৰে নহয়। গতিকে পৰীক্ষা বাতিল হোৱা নাছিল।

আনহাতে যিখন কমিটীয়ে গঠন কৰা হৈছে, সেইখনে নীট, নেটকে ধৰি সকলো গুৰুত্বপূৰ্ণ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব। একে সময়তে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সকলো কাম-কাজ আৰু কৰ্ম পদ্ধতিৰ পৰ্যালোচনাৰ দায়িত্বও তেওঁলোকক অৰ্পণ কৰা হৈছে। কেন্দ্ৰই এই সমিতিৰ পৰা বিশেষ প্ৰতিবেদন বিচাৰিছে, তেওঁলোকে অহা ২ মাহৰ ভিতৰত দাখিল কৰিব লাগিব।

Related News