NORTHEAST NOW (Assamese)

CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা : কেনেকৈ লাভ কৰিব পাৰিব ফলাফল?

July 13, 2020 2:39 pm · এন ই নাও নিউজ
Updated: July 13, 2020 2:40 pm
প্ৰতিনিধিত্বমূলক ফটো।

কেন্দ্ৰীয় মাধ্যিক শিক্ষা সংসদ(CBSE)ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে।

আজি সোমবাৰে চিবিএছইৰ অফিচিয়েল ৱেবচাইট ঘোষণা কৰা হৈছে এই পৰীক্ষাৰ ফলাফল।

অপ্ৰতিৰোধ্য গতিত ক’ৰ’না সংক্ৰমণ ঘটি থকাত দেশত বলৱৎ কৰাৰ ল’কডাউনৰ বাবে চলিত বৰ্ষৰ চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত পলম হয়।

উল্লেখ্য যে যোৱা ২৬ জুনত উচ্চতম ন্যায়ালয়ে ব’ৰ্ডৰ স্থগিত বিষয়ৰ পৰীক্ষাসমূহর নম্বৰ সম্পন্ন হৈ যোৱা বিষয়ৰ পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি মূল্যাংকন কৰিবলৈ নিৰ্দেশ দিছিল।

এই নিৰ্দেশৰ পাছতে সংসদে নিজৰ অধীনৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ বাবে বিশেষ ভাবে যো-জা চলায়।

তলত উল্লেখ কৰা লিঙ্কত গৈ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব।

এই লিঙ্কত গৈয়ো  CBSE দ্বাদশ শ্ৰেণীৰ 2020 পৰীক্ষাৰ ফলাফল লাভ কৰিব

১. চিবিইছইৰ অফিচিয়েল ৱেবচাইট cbseresults.nic.in

২. CBSE class 12 result 2020 ক্লিক কৰি চাব পাৰিব |

Related News