NORTHEAST NOW (Assamese)
অসম

অংক টান পোৱা শিক্ষাৰ্থীলৈ নতুন সুবিধা চি বি এচ ইৰ

Posted by: এন ই নাও নিউজ January 10, 2019 11:52 pm
CBSE

অংক টান পোৱা চি বি এচ ইৰ ১০ম মানৰ শিক্ষাৰ্থীসকলৰ বোজা কমাবলৈ বৃহস্পতিবাৰে এক নতুন পদ্ধতি ঘোষণা কৰিছে কেন্দ্ৰীয় শিক্ষা ব’ৰ্ডখনে।

২০২০ বৰ্ষত ব’ৰ্দ পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা পৰীক্ষাৰ্থীৰ বাবে বে’চিক আৰু ষ্টেন্দাৰ্দ দুটা শাখা আৰম্ভ কৰিব চি বি এচ ইয়ে।

ব’ৰ্দে জনোৱা মতে বৰ্তমান থকা পাঠ্যক্ৰম আৰু পৰ্য্যায় অহা বৰ্ষতো একে থাকিব, কিন্তু মাত্ৰ সলনি হ’ব ব’ৰ্দ পৰীক্ষাত মূল্যায়নৰ।

ওপৰৰ শ্ৰেণীত অংক পঢ়িব খোজা শিক্ষাৰ্থীয়ে প্ৰপত্ৰ পূৰণৰ সময়ত ষ্টেন্দাৰ্দ অপচনত তিক কৰাৰ বিপৰীতে বাকীসকলে বে’চিকত তিক কৰিব পাৰিব।