NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত আৰক্ষীৰ জালত নকল নোট সৰবৰাহকাৰী মহিলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2020 3:54 pm
Fake-Currency-note

গোলাঘাট আৰক্ষীয়ে অভিযান চলাই অসমৰ নকল নোট সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা মহিলা গৰাকী দেৰগাঁৱৰ ইমলাম নগৰৰ হাচনা বেগম বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে অভিযানত কালত মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে মহিলা গৰাকীৰ এখন দোকানৰ পৰা জাল টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে নকল টকা সৰবৰাহৰ লগত জড়িত চাৰিগৰাকী লোকক আটক কৰাৰ লগতে ৪৫,০০০ নকল টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে এই সমগ্ৰ নকল নোট সৰবৰাহ চক্ৰটোত আৰু অধিক সংখ্যক লোক জড়িত হৈ আছে বুলি মন্তব্য কৰি অতি শীঘ্ৰে সকলোকে আটক কৰা হ’ব বুলি কয়।

আনহাতে, স্থানীয় ৰাইজে আৰক্ষীৰ এই অভিযানক আদৰণি জনাইছে।

উল্লেখযোগ্য যে, ভাৰতৰ নাগৰিকক ব্যৱহাৰ কৰি কিছুমান আন্তঃৰাষ্ট্ৰীয় চক্ৰই ভাৰতৰ অৰ্থনীতি দুৰ্বল কৰাৰ উদ্দেশ্যে এনেদৰে নকল নোটৰ সৰবৰাহ কৰি আহিছে।