NORTHEAST NOW (Assamese)

Bipin Rawat died হেলিকপ্তাৰ দুৰ্ঘটনাত পত্নীসহ নিহত চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাট

December 8, 2021 6:10 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: December 8, 2021 7:25 pm

অৱশেষত আহিল বেয়া খবৰটো।

এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত নিহত হৈছে ভাৰতৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট।

এই ভয়ংকৰ দুৰ্ঘটনাটোত বিপিন ৰাৱাটৰ পত্নী মধুলিকা ৰাৱাটৰো মৃত্যু ঘটিছে।

দুৰ্ঘটনাটোত ১৪ গৰাকী লোকৰে মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বায়ু সেনা বাহিনীয়ে  দিয়া বিবৃতিত বিপিন ৰাৱাটৰ লগতে আন লোক কেইগৰাকীৰ হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ নিশ্চিত কৰে।

উল্লেখ্য আজি দুপৰীয়া এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট উঠি যোৱা হেলিকপ্তাৰ খন।

বিপিন ৰাৱাটে তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে আন কেইবাজনো লোকৰ সৈতে হেলিকপ্তাৰ খনৰে ছুলুৰৰ পৰা যাত্ৰা কৰি থকাৰ সময়তে তামিলনাডুৰ কুনুৰত হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হয়।

এই ঘটনাত ১৪ জন লোকৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হৈছে। জানিব পৰা মতে হেলিকপ্তাৰ খনত মুঠ ১৪ গৰাকী লোক আছিল।


দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে উদ্ধাৰ অভিযান চলাই তিনি জন লোকক আহত অৱস্থাত উদ্ধাৰ কৰিব পৰা গৈছিল যদিও তেওঁলোকৰ মৃত্যু ঘটে। দুৰ্টনাটোত বিপিন ৰাৱাটৰ পত্নীৰো মৃত্যু ঘটে।

তেওঁলোকক নীলগিৰিৰ ৱেলিংটন কেণ্টনমেণ্টৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ভাৰতীয় বাযু সেনা বাহিনীৰ এম আই চিৰিজৰ হেলিকপ্তাৰ খন আজি দিনৰ ১২ বাজি ১০ মিনিটত কোম্বাইটৰ আৰু আৰু ছুলুৰৰ মাজৰ কুনুৰত দুৰ্ঘটনাত পতিত হয় ।

দুৰ্ঘটনাৰ ফলত হেলিকপ্তাৰ খন খণ্ড-বিখণ্ড হৈ পৰাৰ লগতে জুইত জাহ যায়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটো জুই আৰু ধোঁৱাই আৱৰি ধৰে।

আজি এক হেলিকপ্তাৰ দুৰ্ঘটনাত নিহত বিপিন ৰাৱাটৰ জন্ম হৈছিল ১৯৫৮ চনৰ ১৬ মাৰ্চৰ দিনা, উত্তৰাখণ্ডৰ পাউৰিত।

২০১৯ চনৰ ৩০ ডিচেম্বৰৰ দিনা তেওঁক চীফ অব ডিফেন্স ষ্টাফ হিচাবে নিযুক্তি দিয়া হৈছিল।

ইয়াৰ পূৰ্বে তেওঁ চীফ অব ষ্টাফ কমিটিৰ ৫৭ সংখ্যক তথা অন্তিমগৰাকী অধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।ইয়াৰ উপৰি তেওঁ ভাৰতীয় সেনা বাহিনীৰ ২৬ সংখ্যক মুৰব্বী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল।

গাৰোৱালি হিন্দু ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাৱাটৰ বংশৰ প্ৰায় সংখ্যক লোকেই ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল। বিপিন ৰাৱাটৰ পিতৃ লক্ষ্মণ সিং ৰাৱাট ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল আছিল।

ডেৰাডুনৰ কেম্ব্ৰিয়ান হল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা বিপিন ৰাৱাটে ছিমলাৰ ছেইণ্ট এডৱাৰ্ড স্কুলত শিক্ষা লাভ কৰিবলৈ গৈছিল আৰু তাৰ পিছতে তেওঁ নেছনেল ডিফেন্স একাডেমী, খাদাকৱাছলাত যোগদান কৰিছিল। ইয়াৰ লগতে তেওঁ ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীত যোগ দিছিল।

তাতেই তেওঁক ছৰ্ড অব অনাৰ সন্মানেৰে সন্মানিত কৰা হৈছিল। ৱেলিংটনৰ ডিফেন্স চাৰ্ভিছেছ ষ্টাফ কলেজৰ পৰা ৰাৱাটে স্নাতক ডিগ্ৰীও গ্ৰহণ কৰিছিল। আমেৰিকাৰ কামছাছৰ জেনেৰেল ষ্টাফ কলেজৰ পৰাও তেওঁ সামৰিক বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ষ্টাডিজত ডিগ্ৰী গ্ৰহণ কৰিছিল। ২০১১ চনত তেওঁক মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ব বিদ্যালয়ে ডক্টৰটে অব ফিল’ছফী আগবঢ়াইছিল। সামৰিক বিষয়ৰ গৱেষণাৰ বাবে তেওঁক এই সন্মান আগবঢ়োৱা হৈছিল।

১৯৭৮ চনৰ ১৬ ডিচেম্বৰৰ দিনা বিপিন ৰাৱাটে ১১ গোৰ্খা ৰাইফলছত যোগদান কৰিছিল। অতি উচ্চতাত যুদ্ধ কৰাৰ বিষয়ত তেওঁ এগৰাকী পাৰ্গত বিষয়া আছিল। সন্ত্ৰাসবাদ নিমূল অভিযানৰো তেওঁ প্ৰায় এটা দশক ধৰি নেতৃত্ব দিছিল।
কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূল অভিযানত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। সেনাৰ এগৰাকী মেজৰ হিচাবে তেওঁ কাশ্মীৰত কাৰ্যনিৰ্বাহ কৰিছিল।

পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ২০১৬ চনত চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ গুৰি ধৰিছিল বিপিন ৰাৱাটে।

২০১৬ চনৰ ১৭ ডিচেম্বৰৰ দিনা তেওঁক চীফ অব দ্য আৰ্মী ষ্টাফ হিচাবে নিযুক্তি দিয়া হৈছিল। লাডাখত চীনৰ সৈতে ভাৰতৰ হোৱা সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত তেওঁ সুদূৰ প্ৰসাৰী ভূমিকা গ্ৰহণ কৰি আহিছিল। মধুলিকা ৰাৱাটক তেওঁ জীৱন সংগী হিচাবে গ্ৰহণ কৰিছিল। ৰাৱাটৰ দুগৰাকী কন্যাও আছে।

জীৱন কালত ৰাৱাটে লাভ কৰিছিল বহু কেইটা সন্মান। সেইবোৰৰ ভিতৰত অন্যতম সন্মান তথা পদক আদি হৈছে—
পৰম বিশিষ্ট সেৱা মেডেল, উত্তম যুদ্ধ সেৱা মেডেল,অতি বিশিষ্ট সেৱা মেডেল, যুদ্ধ সেৱা মেডেল,সেনা মেডেল, সামান্য সেৱা মেডেল, অপাৰেছন পৰাক্ৰম মেডেল,বিদেশ সেৱা মেডেল আদি।

ৰাৱাটৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে দেশ-বিদেশৰ সামৰিক তথা ৰাজনৈতিক ক্ষেত্ৰৰ বহু লোকে গভীৰ শোক ব্যক্ত কৰিছে।

 

Related News