NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰৰ নতুন মানচিত্ৰ প্ৰকাশ কেন্দ্ৰৰ; অন্তৰ্ভুক্ত পাক অধিকৃত কাশ্মীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 3, 2019 11:01 am
JK-new-map

ভুস্বৰ্গ হিচাপে পৰিচিত কাশ্মীৰৰ মানচিত্ৰ প্ৰকাশ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এইবাৰ ভাৰতৰ মানচিত্ৰই পালে এক নতুন ৰূপ। দুখন নতুন কেন্দ্ৰীয় শাসিত অঞ্চলক চিহ্নিত কৰি প্ৰকাশ কৰা হৈছে দেশৰ নতুন মানচিত্ৰ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰলয়ে শনিবাৰে জম্মু আৰু কাশ্মীৰত নতুনকৈ গঠন কৰা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু লাডাখৰ সীমা সম্বন্ধিত এক বিজ্ঞপ্তি জাৰি কৰে।

বিজ্ঞপ্তিত ভাৰতৰ এখন নতুন ৰাজনৈতিক মানচিত্ৰও দিয়া হৈছে। এই মানচিত্ৰত পাক অধিকৃত কাশ্মীৰৰ মীৰপুৰ আৰু মুজাফৰবাদৰ দৰে অঞ্চলো আছে।

আনুষ্ঠানিকভাৱে দেশৰ নতুন কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰস্তুত হোৱা আৰু ইয়াৰে প্ৰথম লেফটেনেন্ট গৱৰ্ণৰে শপত গ্ৰহণ কৰাৰ দুদিন পাছতে বিজ্ঞপ্তিটো প্ৰকাশ কৰা হৈছে।

বৃহস্পতিবাৰে ভাৰতৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ হিচাপ সলনি কৰি নতুন ৰূপত আত্মপ্ৰকাশ ঘটিছে।

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৪ সংখ্যক জন্ম বাৰ্ষিকীৰ দিনটোতে জম্মু-কাশ্মীৰ আৰু লাডাখক দুখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তিৰত কৰা হয়।

ইপিনে, জম্মু-কাশ্মীৰ দ্বিখম্ডিত হোৱাৰ পাছত ভাৰতৰ ৰাজ্যৰ সংখ্যা হ্ৰাস পাই ২৮ খন হৈছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা বৃদ্ধি পাইছে ৯খনলৈ।

শনিবাৰে প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল কাৰ্গিল আৰু লেহৰ বাহিৰে পূৰ্বৰ ৰাজ্যখনৰ সকলো জিলাই থাকিব।