NORTHEAST NOW (Assamese)
অসম

চামগুৰিত পুৱাতেই সংঘটিত অগ্নিকাণ্ডত জাহ গ’ল ১০খন দোকান

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা November 3, 2019 10:47 am
Samaguri Fire_1
আজি  পুৱাতেই চামগুৰিৰ আমবাগান দৈনিক বজাৰত পুনৰ সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ১০খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ উপৰি পঞ্চাচ লক্ষাধিক টকাৰ ক্ষতি হয়।
এখন জোতাৰ দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে বুলি অনমান কৰা হৈছে।
অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ কেইমুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখা বিয়পি পৰে কাষৰ দোকানবোৰক জুয়ে সামৰি লয়। খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হোৱালৈকে জুই বিপজ্জনকভাৱে সম্প্ৰসাৰিত হৈ পৰে।
পিছত অগ্নি নিৰ্বাপক বাহিনী স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিপূৰ্বে প্ৰায় ৫০ লাখ টকা মূল্যৰ সামগ্ৰী ভস্মীভূত হয়।
উল্লেখ কৰিব পাৰি যে চামগুৰি অঞ্চলটোত মাত্ৰ তিনি দিনৰ ভিতৰত এইটো দ্বিতীয়টো অগ্নিকাণ্ডৰ ঘটনা।
ইয়াৰ পূৰ্বে ১ নৱেম্বৰৰ নিশা এটা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মোৱামাৰি দৈনিক বজাৰত ১০খনকৈ দোকান ভস্মীভূত হৈ প্ৰায় বিচ লাখ টকা মূল্যৰ সামগ্ৰী নষ্ট হৈছিল।