NORTHEAST NOW (Assamese)

গণনাকাৰীৰ প্ৰশিক্ষণেৰে কাজিৰঙাত আজিৰ পৰা দল হৰিণৰ গণনা আৰম্ভ

November 27, 2018 5:12 pm · উত্তম শইকীয়া

গণনাকাৰীৰ প্ৰশিক্ষণেৰে আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দল হৰিণৰ গণনাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা ৰেঞ্জৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাজিৰঙাৰ সঞ্চালক আকাশ দ্বীপ বৰুৱাই।

বিশ্বৰ অতি বিৰল প্ৰজাতি হিচাপে চিহ্নিত এই দল হৰিণ গণনাৰ আজিৰ প্ৰশিক্ষণত কাজিৰঙা কেউটা ৰেঞ্জৰ পৰা অহা নিৰ্বাচিত বনকৰ্মী আৰু বিভিন্ন বেচৰকাৰী সংগঠন আৰু মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ২৮ নবেম্বৰ অৰ্থাৎ কাইলৈ পুৱাৰ পৰা কাজিৰঙাৰ মুঠ ২৪ টা কম্পাৰ্টমেন্টত দল হৰিণৰ গণনা আৰম্ভ হ’ব। বন বিভাগৰ হাতীত উঠি চলাব লগীয়া উক্ত গণনাৰ সুবিধাৰ বাবে গণনাকাৰীসকলক বন বিভাগৰ তৰফৰ পৰা একোটাকৈ দূৰবীণ আৰু জি পি এছো প্ৰদান কৰা হৈছে।

আজিৰ প্ৰশিক্ষণত গণনাকাৰীৰ সুবিধাৰ্থে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই সচিত্ৰ উপস্থাপনেৰে দল হৰিণৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে। প্ৰশিক্ষণৰ শেষত গণনাকাৰী সকলক গণনাৰ সামগ্ৰী প্ৰদান কৰা হয়।

আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ’ মুকুট দাস, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড০ প্ৰনৱ জ্যোতি বৰা, ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়াৰ উপ সঞ্চালক ড০ ৰথীন বৰ্মন আৰু অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া উপস্থিত থাকে।

 

Related News