NORTHEAST NOW (Assamese)
অসম

অসমীয়া মানুহক দমনৰ বাবে কঠোৰ অনা-অসমীয়া আৰক্ষী বিষয়াক নিয়োগ কেন্দ্ৰ-ৰাজ্যৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 3:31 pm

“কেব”ৰ বিৰুদ্ধে প্ৰতিবাদত অভূতপূৰ্ব ঐক্য আৰু দৃঢ়তা দেখুওৱা অসমীয়া মানুহক দমনৰ বাবে কঠোৰ আৰক্ষী বিষয়াক নিয়োগৰ সিদ্ধান্ত কৰিছে কেন্দ্ৰ-ৰাজ্য চৰকাৰে।

অসমৰ গুপ্তহত্যাৰ কেঁচা তেজ কঢ়িয়াই ফুৰা আৰক্ষী বিষয়া জি পি সিঙক ইতিমধ্যে অসমলৈ পুনৰ প্ৰেৰণ কৰিছে কেন্দ্ৰই। ৯১-৯২ চনত আলফা দমনৰ নামত ৰাজ্যখনত গুপ্তহত্যা চলাই অসমীয়া ডেকা ল’ৰাৰ তেজেৰে হাত ৰাঙলী কৰা এ ডি জি পি সিং আজি পুৱাই আহি গুৱাহাটীত উপস্থিত হয়।

গুপ্তহত্যাৰ সৈতে জড়িত কুখ্যাত বিষয়াজনক প্ৰেৰণৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ অভিপ্ৰায় স্পষ্ট হৈ পৰিছে যে এই আন্দোলনক দৰকাৰ হ’লে কঠোৰ নহয়, নিৰ্মমতাৰে মষিমূৰ কৰা হ’ব।

ইপিনে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক বদলি কৰি তেওঁৰ ঠাইত জি পি গুপ্তাক নিযুক্তি দিছে।

গুপ্তা ১৯৯৫ বেচ্চৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া। তেওঁ এছ পি জিৰ মহাপৰিদৰ্শক হিচাপে সেৱা আগ বঢ়াই আছিল। গুপ্তাৰ ঘৰ অসমৰ গোলাঘাট জিলাত আৰু তেওঁ কটন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।

দীপক কুমাৰৰ বদলিৰ উপৰি ৰাজ্য চৰকাৰৰ গৃহ বিভাগে গুৱাহাটীত নিযুক্ত চাৰিজন আৰক্ষী উপ-আয়ুক্তক বদলি কৰিছে। তেওঁলোকৰ মাজৰ তিনিজন হ’ল ৰঞ্জন ভূঞা (ডি চি পি, পূব গুৱাহাটী), ৰিপুল দাস (ডি চি পি, মধ্য গুৱাহাটী), আৰু খনীন কুমাৰ চৌধুৰী (ডি চি পি, পশ্চিম গুৱাহাটী)। আনজনৰ নাম জানিব পৰা হোৱা নাই।