NORTHEAST NOW (Assamese)
Popular Stories

জনতাৰ বিশাল প্ৰতিবাদ দেখি বিজেপি ত্যাগ অভিনেতা যতীন বৰাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 2:51 pm
Jatin-Bora-images-13

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি বিজেপিৰ পৰা পদত্যাগ কৰে। সমগ্ৰ ৰাজ্যতে চলি থকা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ প্ৰতি সমৰ্থন জনাইয়ে অভিনেতা গৰাকীয়ে আজি গেৰুৱা দলটোৰ প্ৰাথমিক সদস্য পদৰ পদত্যাগ কৰে।

জনপ্ৰিয় অভিনেতা তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ গৰাকীয়ে জাতিৰ বিপদৰ সময়ত তথা সংকটৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াৰ উদ্দেশ্যৰে গেৰুৱা দলটোৰ পৰা পদত্যাগ কৰে বুলি জনায়।

ছাত্ৰ সন্থাৰ আহ্বানত লতাশিল খেলপথাৰত আয়োজিত আজিৰ বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’বলৈ আহি অভিনেতাগৰাকীয়ে হাজাৰ-হাজাৰ জনতাৰ সন্মুখত বিজেপি ত্যাগ কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰ উপৰি তেওঁ চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ পদৰ পৰা অতি শীঘ্ৰে পদত্যাগ কৰিব বুলিও জনায়।