NORTHEAST NOW (Assamese)

গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰু স্বচ্ছতা হি সেৱা উদযাপন

September 27, 2024 4:24 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি),গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয় উদ্যোগত আজি কামৰূপ (গ্ৰাম্য) জিলাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়া ফটো প্ৰদৰ্শনী আৰু সজাগতা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰু স্বচ্ছতা হি সেৱা উদযাপন কৰা হয়।

পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই এই প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত এক পেড় মা কে নামৰ অধীনত গছপুলি ৰোপণ আৰু স্বচ্ছতাৰ পদক্ষেপৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

ভাষণ প্ৰসংগত ঠাকুৰীয়াই কয়, ‘ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰু স্বচ্ছতা হি সেৱা এই দুটা পদক্ষেপ এই দেশ আৰু ইয়াৰ নাগৰিকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সাধাৰণ জনতাৰ সজাগতাৰ বাবে এনে এখন প্ৰদৰ্শনী আয়োজন কৰাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অধীনস্ত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো কাৰ্যালয়ৰ প্ৰচেষ্টাৰ শলাগ লৈছো।”

বিধায়কগৰাকীয়ে লগতে কয়, ‘পুষ্টি মাহত জনসাধাৰণৰ অংশগ্ৰহণক বিশেষ গুৰুত্ব দিয়া হয় আৰু আমি এইটো নিশ্চিত কৰিব লাগিব যে পুষ্টিৰ সজাগতা যাতে প্ৰতিটো ঘৰতে পোৱা যায়। এই দুয়োটা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশজোৰা অভিযান আৰম্ভ কৰি দেশৰ প্ৰতিজন ব্যক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ স্বীকাৰ কৰিছে।”

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূৰ্ব মণ্ডলৰ সঞ্চালকপ্ৰধান সতীশ নামবুদিৰিপাদে কয়, “পোষণ মাহ আৰু স্বচ্ছতা হি সেৱা, দুয়োটা পদক্ষেপ এটা আনটোৰ পৰিপুৰক। সুস্বাস্থ্য আৰু পুষ্টিৰ বাবে পৰিষ্কাৰ পৰিবেশ অতি প্ৰয়োজনীয়। একেদৰে সুস্থ শৰীৰৰ লগত সুস্থ মন এটাও জড়িক হৈ থাকে, যিয়ে সমাজৰ সামগ্ৰিক কল্যানত অৰিহণা যোগাব।”

ৰামপুৰৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লিলিমা দাসে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সঠিকভাৱে হাত ধোৱা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উপকাৰিতাৰ বিষয়ে বক্তব্য আগবঢ়ায়। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে আমি খাদ্য আৰু স্বাস্থ্যৰ সৈতে জড়িত আচৰণৰ পৰিৱৰ্তন অনা, স্থানীয়ভাৱে উপলব্ধ পুষ্টিকৰ খাদ্যক প্ৰসাৰ কৰা আৰু পুষ্টিহীনতা আৰু ৰক্তহীনতাক গুৰুত্ব দিয়াৰ লক্ষ্য ৰাখিছো।

ৰামপুৰ ব্লকৰ শিশু উন্নয়ন আৰু প্ৰকল্প বিষয়া ঝিলিক সেনেও ৰাইজৰ মাজত পুষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ ডাঙৰ বয়সত মহিলাসকলৰ বাবে স্বাস্থ্যসন্মত খাদ্যাভ্যাস অতি প্ৰয়োজনীয় বুলি তেওঁ আলোকপাত কৰে। গৰ্ভাৱস্থাত পুষ্টিকৰ খাদ্যৰ বাবে স্থানীয়ভাৱে উপলব্ধ ফল-মূল, শাক-পাচলি আৰু অন্যান্য সামগ্ৰী অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ, যিয়ে মাতৃৰ লগতে শিশুৰ সুস্বাস্থ্য নিশ্চিত কৰাত সহায় কৰিব।

ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অঞ্জু ভট্টাচাৰ্য, চিবিচি গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

এই প্ৰদৰ্শনীত ৰাষ্ট্ৰীয় পুষ্টি মাহৰ গুৰুত্ব চিত্ৰিত কৰা ২০খনতকৈও অধিক পেনেল প্ৰদৰ্শন কৰা হয়। চিবিচি গুৱাহাটীৰ গীত আৰু নাট বিভাগৰ কৰ্মচাৰী-শিল্পীসকলে লোকগীত আৰু নৃত্য উপস্থাপন কৰে।

ৰামপুৰৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত ৰক্তহীনতা পৰীক্ষা আৰু বিনামূলীয়া ঔষধৰ সৈতে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে দ্বিতীয় আৰু তৃতীয় দিনা প্ৰদৰ্শনীখনত শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ দৰে বিভিন্ন প্ৰতিযোগিতাৰ লগতে সাধাৰণ ৰাইজৰ মাজত স্বাস্থ্যসন্মত শিশু প্ৰতিযোগিতা আৰু পুষ্টিকৰ ৰন্ধন শৈলী প্ৰতিযোগিতাও আয়োজন কৰা হ’ব।

ৰাষ্ট্রজোৰা ৰাষ্ট্রীয় পুষ্টি মাহ উদযাপনৰ লগত সংগতি ৰাখি গুৱাহাটী অঞ্চলৰ অন্তর্গত পাঁচটা আঞ্চলিক কার্যালয় যেনে-ডিফু, ডিব্রুগড়, তেজপুৰ, শিলচৰ আৰু বৰপেটাতো নিজ নিজ এলেকাত এই বিষয়ত বিভিন্ন সজাগতামূলক কার্যসূচীৰ আয়োজন কৰা হৈছে৷

Related News