NORTHEAST NOW (Assamese)

কোভিড হাস্পতালত আজৱ কাণ্ড : কোভিড কক্ষত ডিস্ক’ ডান্স কৰি নিলম্বিত কেন্দ্ৰীয় চৰকাৰৰ বিষয়া

July 20, 2020 2:31 pm · এন ই নাও নিউজ

ক’ৰ’নাতংকত গোটেই বিশ্ব থৰহৰি কম্পমান।

দেশতো ১০ লাখৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে প্ৰায় ২৬ হাজাৰ আক্ৰান্ত।

তেনে সময়তে এগৰাকী কোভিড আক্ৰান্ত ৰোগীয়ে চিকিৎসালয়ত কৰা আচৰণে সকলোৰে চকু কপালত উঠাইছে।

কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিষ্ঠানৰ কোভিড আক্ৰান্ত এগৰাকী বিষয়াই কোভিড চিকিৎসালয়ৰ কক্ষত ডিস্ক’ ডান্স কৰি থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ঘটনাটো ঘটিছে ওড়িশাৰ জেপুৰ কোভিড চিকিৎসালয়ত।

ওড়িশাৰ কোৰাপুট জিলাৰ দমনজুৰি অঞ্চলৰ নেচশ্যনেল এলুমিনিয়াম কোম্পানীত কৰ্মৰত লোকজনৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰাত উক্ত কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

উক্ত চিকিৎসালয়খনতে চিকিৎসাধীন অৱস্থাত কোভিড কক্ষত বলিউদৰ জনপ্ৰিয় অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ ১৯৮০ চনৰ জনপ্ৰিয় ডিস্ক’ ডান্স শীৰ্ষক গীতটোৰ তালে তালে ডিস্ক’ ডান্স কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰে।

ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানটোৰ উৰ্দ্ধতন কৰ্তৃপক্ষই বিষয়াজনক চাকৰিৰ পৰা নিলম্বন কৰিছে।

এই সংক্ৰান্তীয় এক বিবৃতিটোত প্ৰতিষ্ঠানটোৰ শীৰ্ষস্থানীয় বিষয়াই কয়, “৫ জুলাইৰ পৰা ১৫ জুলাইলৈকে কোভিড১৯ চিকিৎসাৰ বাবে আপুনি জোপুৰৰ কোভিড চিকিৎসালয়ত ভৰ্তি হৈ আছিল। কিন্তু তাত আপুনি যি আচৰণ কৰিছিল সেয়া অতি নিন্দনীয়। সেয়ে আপোনাক চাকৰিৰ পৰা নিলম্বন কৰা হ’ল।”

ভাইৰেল হোৱা ভিডিঅ’টো বিষয়াজনে আই এম ডিস্ক’ ডান্সাৰ নামৰ গীতটোৰ তালে তালে উদ্দাম নৃত্য কৰা দেখা গৈছে। বিষয়াজনক উক্ত সময়ত এজন যুৱকেও সহযোগ কৰা দেখা গৈছে।

Related News