NORTHEAST NOW (Assamese)

গৰ্ভপাতৰ উৰ্দ্ধসীমা ২৪ সপ্তাহলৈ বৃদ্ধিৰ বাবে কেন্দ্ৰ চৰকাৰৰ প্ৰস্তুতি

January 29, 2020 7:21 pm · এন ই নাও নিউজ
Updated: January 29, 2020 7:23 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

গৰ্ভপাতৰ উৰ্দ্ধসীমা বৃদ্ধি কৰি ২০ সপ্তাহৰ পৰিৱৰ্তে ২৪ সপ্তাহ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

আহিবলগীয়া বাজেট অধিবেশনতে এই সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ’ব বুলি বুধবাৰে সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে।

উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা মহিলাসকলে গৰ্ভপাতৰ সময়সীমা বৃদ্ধিৰ বাবে দাবী জনাই আহিছিল।

মহিলা সকলৰ উপৰিও চিকিৎসা বিশেষজ্ঞসকলেও এই উৰ্দ্ধসীমা বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছিল।

মহিলা সকলৰ দাবী আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শৰ পাছতে কেন্দ্ৰই নতুন বিধেয়ক প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে।

অবৈধ গৰ্ভপাত আৰু প্ৰসূতিৰ মৃত্যুৰ ঘটনা হ্ৰাস কৰাৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বৰ্তমান গৰ্ভপাতৰ উৰ্দ্ধতম সীমা হৈছে ২০ বছৰ কেন্দ্ৰ চৰকাৰে নতুনকৈ আনিবলগীয়া বিধেয়কখন গৃহীত হ’লে গৰ্ভপাতৰ নতুন উৰ্দ্ধসীমা হ’ব ২৪ বছৰ।

গৰ্ভপাতৰ উৰ্দ্ধতম সীমা বৃদ্ধি কৰাৰ দাবীৰে পূৰ্বেও উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছিল। সেই আবেদনত গৰ্ভপাতৰ উৰ্দ্ধতম সীমা ২৬ সপ্তাহলৈ বৃদ্ধি কৰাৰ বাবে অনুৰোধ কৰা হৈছিল।

Related News