NORTHEAST NOW (Assamese)
অসম

বিধেয়ক সম্পৰ্কে অধ্যাদেশ জাৰি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী টোমাৰৰ মন্তব্য

Posted by: এন ই নাও নিউজ February 14, 2019 10:11 am
Narendra-Singh-Tomar-750x375

শাসনাধিস্থ বিজেপিয়ে বুধবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনত ব্যৰ্থ হোৱাৰ পিছত বিধেয়কখন সংশোধনীৰ বাবে অধ্যাদেশ জাৰি কৰাৰ ক্ষেত্ৰত এতিয়ালৈ বিজেপি দলে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি মত প্ৰকাশ কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে।

আনহাতে, মুছলমান মহিলাসকলৰ বিবাহৰ অধিকাৰ সম্পৰ্কীয় তিনি তালাক বিধেয়কখন ৰাজ্যসভাৰ অনুমোদন লাভ কৰাৰ বাবে নতুনকৈ উত্থাপন কৰা হ’ব পাৰে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ এৰাই চলে কেন্দ্ৰীয় মন্ত্ৰীজনে।

বিগত মাহত নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিধেয়কখন বাতিল কৰাৰ বাবে তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছিল। বিজেপিৰ সহযোগী দল সমূহেও উত্তৰ –পূৰ্বাঞ্চলত বিধেয়কখনৰ বিৰোধিতা কৰিছিল।

নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে বিৰোধী দলসমূহৰ আচৰণ সলনি হয় বুলিও সমালোচনা কৰে টোমাৰে।