NORTHEAST NOW (Assamese)

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! : সপ্তম দৰমহা আয়োগে বৃদ্ধি কৰিব কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া ভাত্তা

October 20, 2020 5:45 pm · এন ই নাও নিউজ
Updated: October 20, 2020 5:51 pm

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ।

ক’ৰ’ণা কালতো কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত কৰ্মৰত কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সপ্তম দৰমহা আয়োগে।

কৰ্মচাৰীসকলে মগৰীয়া বানচসহ বৰ্দ্ধিত বেতন আগন্তুক দীপাৱলি পূৰ্বে পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

এই উপলক্ষে আগন্তুক ১২ মাহৰ বাবে কৰ্মচাৰীসকলৰ CPI-IW সলনি কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানত কৰ্মৰত ৪৮ লাখ কৰ্মচাৰীৰ মৰগীয়া বাচন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ইয়াৰ ফলত কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দৰমহাৰ পৰিমাণ বৃদ্ধি পাব, কাৰণ তেওঁলোকৰ দৰমহা CPI-IWৰ গণনা ওপৰত ভিত্তি কৰিহে মগৰীয়া বানচ নিৰ্ধাৰণ কৰা হয়।

“২০১৬ চনক ভিত্তি কৰি কেন্দ্ৰীয় ঔদ্যোগিক প্ৰতিষ্ঠান কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে নতুন কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স নিৰ্ধাৰণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে।” শ্ৰম মন্ত্ৰণালয়ৰ এগৰাকী উচ্চ পদস্থ বিষয়াই এইদৰে কয়।

শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ এই কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰা হ’ব বুলিও কয় কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ৰ বিষয়া গৰাকীয়ে।

বিভাগীয় এক সূত্ৰৰ মতে কৰ্মচাৰীসকলৰ নতুন  CPI-IW ইণ্ডেক্স নম্বৰ অহা ২১ অক্টোবৰতে প্ৰদান কৰা হ’ব পাৰে।

Related News