NORTHEAST NOW (Assamese)
অসম

অচিৰেই বৰপেটালৈ আহিব নৱনিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথেৱালে

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস June 1, 2019 8:49 am
61373554_2313571205598655_1767074657971732480_n

দ্বিতীয়বাৰৰ বাবে বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰীৰ দায়িত্ব ভাৰ গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত এইবাৰো গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰা ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া(এ)ৰ ৰাষ্ট্ৰীয় সভাপতি ৰামদাস আথেৱালক নতুন দিল্লীত সাক্ষাৎ কৰে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক(প্ৰশাসন) ৰেজাউল কৰিমে ৷ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিছে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে ৷

বিজ্ঞপ্তিটোত তেওঁ উল্লেখ কৰে যে, নতুন দিল্লীত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ এই আলোচনা অনুসৰি অচিৰেই বৰপেটালৈ অহাৰ কথা জনাইছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷

মোদী মন্ত্ৰীসভাত পুনৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ দপ্তৰ লাভ কৰা ৰামদাস আথেৱালে অসমৰ চৰ আৰু গ্ৰাম্যাঞ্চলৰ ৰাইজৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে আৰু এই কথা তেওঁ ৰাজ্যিক সমিতিৰ প্ৰতিনিধিক জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বিগত বৰ্ষত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিশেষ প্ৰচেষ্টাত আৰু ৰাজ্য চৰকাৰৰ সহযোগত বৰপেটা বাঘবৰ পথ নিৰ্মাণৰ কামৰ বাবে ৯৬ কৌটি ১৮ লাখ ৩৯ হাজাৰ টকা আবন্টন লাভ কৰিছিল ৷ একেদৰে বাঘবৰ সমষ্টিত প্ৰায় ১২কৌটি টকীয়া ব্যয় সাপেক্ষে মডেল ডিগ্ৰী কলেজ স্থাপনৰো অনুমোদন লাভ কৰিছিল ৷

আনহাতে, জলজলী পকীদলঙৰ বাবে ৭৫ কোটি আবন্টন লাভ কৰা বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে ৷ তদুপৰি, বৰপেটা জিলাত নিৰ্মাণ হব লগা পথ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথেৱালে উপস্থিত থাকিব বুলিও বিজ্ঞপ্তিটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে ৷