NORTHEAST NOW (Assamese)

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

February 25, 2021 7:37 pm · এন ই নাও নিউজ

ছ’চিয়েল মিডিয়া এতিয়া এক শক্তিশালী গণমাধ্যমত পৰিণত হৈছে। ফেচবুক, হোৱাটছএপকে ধৰি বিভিন্ন অটিটি প্লেটফৰ্ম আৰু নিউজ পোৰ্টেলক নিয়ন্ত্ৰণ কৰিবলৈ আজি কন্দ্ৰেীয় চৰকাৰে কেতবোৰ বিশেষ নিয়ম বান্ধি দিয়ে।

কেন্দ্ৰীয়   তথ্য আৰু সম্প্ৰাচাৰ দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে আজি এইবুলি ঘোষণা কৰে যে ছ’চিয়েল মিডিয়াত দিয়া  আপত্তিজনক পোষ্টৰ উৎস বিচাৰি উলিয়াব লাগিব। ইয়াৰ বাবে ছ’চিয়েল মিডিয়া পৰিচালনাৰ সৈতে জৰিত সংস্থাই এজন আপত্তি নিস্পত্তিকৰণ বিষয়া নিযুক্ত কৰিব লাগিব।

সেই বিষয়াই আপত্তিজনক তথ্য অথবা পোষ্টৰ বিৰুদ্ধে ২৪ ঘণ্টাৰ ভিতৰতে অভিযোগ পঞ্জীয়ন কৰিব লাগিব। ছ’চিয়েল মিডিয়া পৰিচালনা কৰা সংস্থাই আপত্তিজনক পোষ্টৰ আদি উৎসৰ তথ্য জনাব লাগিব।

মহিলাৰ প্ৰসংগত অধিক সক্ৰিয়তা প্ৰদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কোনো মহিলাৰ অশ্লীল ছবি, কম্পিউটাৰত প্ৰস্তুত কৰা ভুৱা ছবি আদি ছ’চিয়েল মিডিয়াত আপলোড হ’লে সেয়া তেনে মিডিয়া পৰিচালা কৰা সংস্থাই ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাই পেলাব লাগিব।

নতুন নিয়ম অনুসৰি ছ’চিয়েল মিডিয়া পৰিচালনা কৰা সংস্থাই নিযুক্তি দিয়া বিবাদ নিস্পত্তিকাৰী বিষয়াজন ভাৰতীয় হ’ব লাগিব আৰু তেওঁ প্ৰতিমাহে ছ’চিয়েল মিডিয়াত হোৱা অপপ্ৰয়োগৰ বিষয়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰতিবেদন দিব লাগিব।

ছ’চিয়েল মিডিয়া পৰিচালনা কৰা সংস্থাসমূহে এজনকৈ মুখ্য বিবাদ নিস্পত্তিকাৰী বিষয়া নিযুক্তি দিব লাগিব। লগতে ২৪ ঘণ্টাই সক্ৰিয় কৰি ৰাখিব পৰা একোজনকৈ আবাসীক বিবাদ নিস্পত্তি বিষয়াও নিযুক্তি দিব লাগিব।

এনে বিষয়াসকল ভাৰতীয় হোৱাটো বাঞ্চনীয়।চৰকাৰে ছ’চিয়েল মিচিয়া, অটিটি প্লেটফৰ্ম আদিৰ ক্ষত্ৰেত তিনি মাহৰ ভিতৰত এখন নতুন আইন কৰাৰ কথা আছে।

Related News