NORTHEAST NOW (Assamese)

অসমৰ বানপানীৰ বাবে ৩৪৬ কোটি টকা প্ৰদানৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ

July 23, 2020 10:15 am · এন ই নাও নিউজ
Updated: July 23, 2020 10:16 am
ফাইল ফটো

অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক ৩৪৬ কোটি টকা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।

ভয়াৱহ বানৰ কৱলত পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলক উদ্ধাৰৰ বাবে NDRF ৰ ১৬ টা বিশেষ দলক অসমত নিযোগ কৰা বুলিও জানিবলৈ দিয়ে।

‘অসমৰ বানৰ বাবে ১৬ টা দল নিয়োগ কৰা হৈছে। এই দল সমূহে জিলা প্ৰশাসনক সহায় সহযোগ আগবঢ়াব’, NDRF ৰ সঞ্চালক প্ৰধান এছ এন প্ৰধানে নৰ্থ-ইষ্ট নাওক জনায়।

তেওঁ লগতে বৰ্তমান অসমৰ বান পৰিস্থিতি কিছু পৰিমানে্ সুস্থিৰ অৱস্থালৈ অহা বুলিও মন্তব্য কৰে।

উল্লেখ্য যে অসমত এতিয়াও ২৬ খন জিলা কম বেছি পৰিমানে পানীৰ কৱলত আছে। তথ্য অনুসৰি ৩৯১ টা বান শিৱিৰ স্থাপন কৰা হৈছে।

আনহাতে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ যোগেদি মণিপুৰ পানী যোগান প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিশ্যনৰ অধীনত এই প্ৰকল্পটোৰ আজি আধাৰশিলা স্থাপন কৰা হ’ব।

ইফালে দিহিং পাটকাই বৰ্ষাৰণ্যৰ ভিতিৰত চলি থকা কয়লা খননৰ কাম অতি শীঘ্ৰে বন্ধ কৰাৰ বাবে ক’ল ইণ্ডিয়াক আহ্বান জনাইছে নেশ্যনেল ব’ৰ্ড ফৰ ৱাইল্ডলাইফে।

Related News