NORTHEAST NOW (Assamese)
Popular Stories

উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ নিযুক্তিত বিলম্ব কেন্দ্ৰৰ! কলেজিয়ামক কি উত্তৰ দিলে এটৰ্নী জেনেৰেলে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 15, 2024 6:22 pm

কলেজিয়ামে দিয়া পৰামৰ্শৰ সন্দৰ্ভত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছে যে, কেন্দ্ৰই ন্যায়াধীশ নিযুক্তিত “sensitive inputs” লাভ কৰিছে, যাৰ ফলত বিভিন্ন উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ নিযুক্তি দিয়াত পলম হৈছে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পৰামৰ্শ দিয়া ন্যায়াধীশৰ নিযুক্তি সন্দৰ্ভত কেন্দ্ৰক অৱগত কৰিবলৈ এক নিৰ্দিষ্ট সময়সীমা বিচাৰি অধিবক্তা হৰ্ষ বিভোৰ সিংঘালে দাখিল কৰা আবেদনৰ প্ৰতিক্ৰিয়া স্বৰূপে এটৰ্নী জেনেৰেল আৰ ভেংকত্ৰামণিয়ে এই মন্তব্য কৰে। আবেদনখনত উল্লেখ কৰা হৈছে যে যদি কোনো আপত্তি উত্থাপন কৰা নহয়, বা নিৰ্দিষ্ট সময়ৰ ভিতৰত নিযুক্তিসমূহৰ বিষয়ে অৱগত কৰা নহয়, তেন্তে নিযুক্তিসমূহ নিশ্চিত বুলি গণ্য কৰা উচিত।

এজিয়ে বিচাৰপীঠৰ সন্মুখত স্পষ্ট কৰি দিয়ে যে ৰাজহুৱা ডমেইনত স্পৰ্শকাতৰ সামগ্ৰী প্ৰকাশ কৰাটো প্ৰতিষ্ঠান বা জড়িত ন্যায়াধীশসকলৰ স্বাৰ্থৰ পক্ষে নহ’ব, তেওঁ কয়, “মই কিছুমান তথ্য পাইছো যিবোৰ গোপনীয় আৰু স্পৰ্শকাতৰ, আৰু মই ইয়াক উপস্থাপন কৰিব বিচাৰিম।”

২০ ছেপ্টেম্বৰত পুনৰ এই বিষয়ৰ শুনানি গ্ৰহণ কৰিব শীৰ্ষ আদালতে।জুলাই মাহত কলেজিয়ামে বিভিন্ন উচ্চ ন্যায়ালয়ত আঠজন মুখ্য ন্যায়াধীশ নিযুক্তিৰ পৰামৰ্শ দিছিল, য’ত দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে থকা ন্যায়াধীশ মনমোহনক মুখ্য ন্যায়াধীশ হিচাপে প্ৰস্তাৱ কৰা হৈছিল৷

আন আন নামসমূহৰ ভিতৰত আছে ন্যায়াধীশ এম এছ ৰামচন্দ্ৰ ৰাওক হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ পৰা ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ বদলি, ন্যায়াধীশ ৰাজীৱ শকধৰক হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে, ন্যায়াধীশ সুৰেশ কাইটক জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি , মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ গুৰমিত সিং সন্ধাৱলিয়া, কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ নীতিন জামদাৰ, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ কে আৰ শ্ৰীৰাম, আৰু মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ তাছি ৰবস্তানৰ নাম।

যোৱা বছৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছ কে কৌলৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ন্যায়াধীশ নিযুক্তিত পলম হোৱাৰ বাবে চৰকাৰক সমালোচনা কৰিছিল, যাৰ ফলত পৰৱৰ্তী সময়ত বহু উচ্চ ন্যায়ালয়ৰ খালী পদ পূৰণ হৈছিল। ন্যায় বিভাগৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰ বাবে বৰ্তমান ৩৬৫টা পদ খালী হোৱাৰ লগতে উচ্চতম ন্যায়ালয়ত এটা খালী পদ আছে।