CAAৰ দ্বাৰা কেন্দ্ৰই জিন্নাৰ যুক্তিকে কঢ়িয়াই আনিছে: শশী থাৰুৰ
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ সাংসদ শশী থাৰুৰে দেওবাৰে কয় যে CAAৰ দ্বাৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে মহম্মদ আলী জিন্নাৰ যুক্তিকে কঢ়িয়াই আনিছে।
থাৰুৰে নাগৰিকত্ব সংশোধনী আইন (CAA),২০১৯ক গৰিহনা দিয়াৰ লগতে ইয়াক ‘অসাংবিধানিক’ আখ্যা দি কয় যে ভাৰতৰ স্বাধীনতা প্ৰতিষ্ঠাত নাগৰিকত্বৰ সৈতে ধৰ্মৰ কোনো সম্পৰ্ক নাই।
কিন্তু CAA অনুসৰি, অমুছলমান সংখ্যালঘু-হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছী আৰু খ্ৰীষ্টানৰ যিসকলে ২০১৪ৰ ৩১ ডিচেম্বৰৰ ভিতৰত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰিছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, থাৰুৰে কয়,’’পাকিস্তানৰ বিপৰীতে আমি সদায়েই বিশ্বাস কৰো যে দেশখন সকলোৰে বাবে।‘’
‘’আমি এইদৰেই বিগত ৭০ বছৰে বসবাস কৰি আছো। নীতিগতভাৱে CAA ভুল। কেন্দ্ৰীয় চৰকাৰে জিন্নাৰ যুক্তি আনিছে,’’-জয়পুৰ সাহিত্য উৎসৱত সাংসদজনে এইদৰে কয়।
থাৰুৰে কয় যে দেশখন প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িছে।
তেওঁ কয় যে প্ৰেতিগৰাকী নাগৰিকে চিন্তা মৌলিকতা আৰু ধাৰণাৰ সজীৱতা ধৰি ৰখাটো গুৰুত্বপূৰ্ণ।
থাৰুৰে কয় যে নাগৰিকত্ব সংশোধনী আইনে এন আৰ চিৰ পথ মুকলি কৰে য’ত এক বৃহৎ সংখ্যক জনসাধাৰণে তেওঁলোকৰ নাগৰিকত্ব প্ৰমান কৰিব নোৱাৰাৰ বাবে ইয়াৰ অধিকাৰ পৰা বঞ্চিত হয় তেন্তে পাকিস্তানৰ জনক মহম্মদ আলী জিন্নাৰ বিজয় সম্পূৰ্ণ হ’ব।
‘’CAA ৰূপায়ন হ’লে জিন্নাৰ দ্বিজাতি তত্ব সম্পূৰ্ণ হ’ব’’বোলা জয়পুৰৰ সাহিত্য উৎসৱত কোৱা উক্ত কথাষাৰৰ সন্দৰ্ভত মন্তব্য সোধাত থাৰুৰে কয়,’’মই কোৱা নাই জিন্না জিকিলে বুলি কিন্তু জিন্না জিকি আছে।‘’
থাৰুৰে কয় যে CAA বিষয়টো কেন্দ্ৰৰ বিষয়।
কেৰালা, পঞ্জাৱ, ৰাজস্থান আৰু পশ্চিমবংগ বিধানসভাই আইনখনৰ বিৰোধিতা কৰি প্ৰস্তাৱ গৃহীত কৰাটো কেন্দ্ৰৰ লগতে বিশ্বক তেওঁলোক যে সুখী নহয় সেই কথা কোৱাৰ এটা ৰাজনৈতিক বাৰ্তা বুলিও তেওঁ কয়।