NORTHEAST NOW (Assamese)

IPL 2023 KKR vs RR: চাহাল-যশস্বীৰ অভিলেখ; ৰাজস্থান ৰয়েলছৰ ওচৰত অসহায় আত্মসমৰ্পণ কলকাতা নাইট ৰাইডাৰ্ছৰ

May 12, 2023 8:31 am · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলাৰ পূৰ্বে কলকাতাৰ বাবে সমীকৰণটো আছিল অতি স্পষ্ট। জীৱন-মৰণ যুঁজৰ মেচখনত জয়ী হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। পৰৱৰ্তী যুঁজ হ’ব অত্যন্ত কষ্টকৰ। বাকী দলবোৰৰ মুখলৈ চাব লাগিব। কিন্তু নিতীশ ৰাণাই জয়ী হ’ব নোৱাৰিলে। সঞ্জু চেমচনৰ ওচৰত অসহায় হৈ আত্মসমৰ্পণ কৰিলে।

ৰাজস্থানৰ হাতত ৯ উইকেটত পৰাস্ত হোৱাৰ লগে লগে কেকেআৰৰ আইপিএলৰ পৰা বিদায় প্ৰায় আসন্ন। এই মেচৰ পূৰ্বে দুয়োটা দলে ১১খন মেচত ১০ পইণ্ট লাভ কৰিছিল। ষষ্ঠ স্থানত কলকাতা, পঞ্চম স্থানত ৰাজস্থান। কাৰণ ৰাজস্থানৰ নেট ৰান ৰেট আছিল প্লাছত। মাইনাছত কলকাতা।

ফটো সৌজন্য: আইপিএল।

এই আকৰ্ষণীয় জয়ৰ অন্তত ৰাজস্থানে ১২খন মেচত ১২ পইণ্ট লাভ কৰি দুখোজ জপিয়াই তৃতীয় স্থান লাভ কৰে। প্ৰথম গুজৰাট টাইটান আৰু দ্বিতীয় চেন্নাই ছুপাৰ কিংছ। আনহাতে, নাইটছ এতিয়া ১২খন মেচৰ পৰা ১০ পইণ্ট লাভ কৰি লীগ টেবুলৰ সপ্তম স্থানত আছে। নীতিশৰ দল আৰু এখোজ তললৈ নামি গ’ল!

সঞ্জুৱে টছত জয়ী হৈ নীতিশক বেটিং কৰিবলৈ পঠিয়ায়। ইডেনৰ স্পিন সহায়ক পিটচত তেওঁৰ বলাৰসকলে প্ৰমাণ কৰিলে যে সঞ্জুৰ এই সিদ্ধান্ত একেবাৰে শুদ্ধ। ৰাজস্থানৰ তাৰকা স্পিনাৰ যুজবেন্দ্ৰ চাহালে অকলে ৪টা উইকেট দখল কৰে। তেওঁৰ ঘূৰ্ণীৰ কবলত মাত্ৰ ৮ উইকেটত ১৪৯ ৰানত কেকেআৰৰ ইনিংছ শেষ হয়।

ফটো সৌজন্য: আইপিএল।

নাইটছৰ শীৰ্ষ স্ক’ৰাৰ ভেংকটেশ আয়াৰ (৪২ বলত ৫৭)। ইন-ফৰ্ম অ’পেনাৰ জেছন ৰয়ে (৮ ৰানত ১০) আৰু ৰহমানুল্লাহ গুৰবাজে ১২ বলত ১৮ ৰান সংগ্ৰহ কৰে। আয়াৰে তিনি নম্বৰত নামি খেলিব নোৱাৰিলে কে কে আৰৰ ৰান কিমান হ’লহেঁতেন সেয়া কোৱা টান। কাৰণ প্ৰথমে বেটিং কৰিলে যিকোনো দলে পাৱাৰ-প্লেৰ সুবিধা ল’ব বিচাৰে। তাতে কেকেআৰে দুয়োজন অ’পেনাৰ হেৰুৱাইছিল। তেতিয়া দায়িত্বটো মধ্যম ক্ৰমৰ ওপৰত আছিল।

ভেংকটেশৰ বাহিৰে ঘৰৰ মাটিত আৰু কোনেও ক্ষমতা দেখুৱাব নোৱাৰিলে। একেবাৰে দুৰ্বল প্ৰদৰ্শন নীতিশ (২২), আন্দ্ৰে ৰাছেল (১০) আৰু ৰিংকু সিং (১৬)ৰ। শেষৰ ফালে শাৰ্দুল ঠাকুৰ, অনুকুল ৰয় আৰু সুনীল নাৰিনৰ ৰানৰ কথা ক’বলগীয়া একো নাই।

ফটো সৌজন্য: আইপিএল।

বৃহস্পতিবাৰৰৰ দিনটোতে যুজবেন্দ্ৰ চাহালে ইডেনত আই পি এলৰ ইতিহাস ৰচনা কৰে। ১৫ বছৰৰ পাছত ১৬ বছৰত প্ৰৱেশ কৰিলে আই পি এল। চাহাল এতিয়া এই লীগৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে। চাহালে ১৪৩খন খেলত ১৮৪টা উইকেট দখল কৰে। চাহালে কেৰিবিয়ানৰ অলৰাউণ্ডাৰ ড্ৱেইন ব্ৰাভোক (১৬১খন মেচত ১৮৩ উইকেট) অতিক্ৰম কৰে। অৱশ্যে চাহালৰ এই অভিলেখ আছিল মাথো সময়ৰ অপেক্ষা।

ৰাজস্থানৰ দৰে দল এটাক ১৪৯ ৰান কৰি ৰখাব পৰা শক্তি অন্তত: কলকাতাত নাই।  খেলখনত কেকেআৰৰ ৭ বলাৰে ৰাজস্থানৰ মাত্ৰ এটা উইকেটহে ল’বলৈ সক্ষম হয়। সেইটো হৈছে জোছ বাটলাৰৰ। অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু তিনি নম্বৰত নমা সঞ্জু চেমছনে অপৰাজিত খেলি মেচখনত জয়লাভ কৰে।

ইডেনত যশস্বীৰ বেটিং তাণ্ডৱত উৰি গ’ল কলকাতাৰ বলাৰৰ যশ। ৪৭টা বলত ৯৮ ৰান কৰি অপৰাজিত হৈ থাকে যশস্বী। অলপৰ বাবে তেওঁ এটা শতক নাপালে। ৬২ মিনিটৰ ইনিংছটোত তেওঁ ১২টা চাৰি আৰু ৫টা ছয় মাৰে। তেওঁ ২০৮.৫১ ষ্ট্ৰাইক ৰেটত বেটিং কৰে।

খেলখনত যশস্বীয়ে ১৩টা বলত ৫০ ৰান সংগ্ৰহ কৰে। তেওঁ আই পি এলৰ আটাইতকৈ দ্ৰুত অৰ্ধশতক অৰ্জনকাৰী হিচাপে ইতিহাসত নিজৰ নাম লিখিলে। ইয়াৰ পূৰ্বে সৰ্বাধিক দ্ৰুততম অৰ্দ্ধশতকৰ অভিলেখ আছিল কে এল ৰাহুলৰ। তেওঁ ১৪টা বলত ৫০ ৰান কৰিছিল। যশস্বীৰ ধামাকাৰ মাজতো নিষপ্ৰভ নাছিল সঞ্জু ।  ২৯টা বলত ৪৮ ৰানত অপৰাজিত হৈ থাকে অধিনায়কগৰাকী।

Related News