NORTHEAST NOW (Assamese)
অসম

কৰ’না ভাইৰাছক লৈ মহা সংকটত বিশ্ব স্বাস্থ্য সংস্থা; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2020 2:06 pm
No evidence that people who have recovered from COVID-19 protected from a second infection: WHO

বৰ্তমানলৈকে মহামাৰীক লৈ বিশ্ব স্বাস্থ্য সংস্থাই যিমানবাৰ বিশ্বজুৰি জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰিছে তাৰ ভিতৰত কৰ’না ভাইৰাছকে আটাইতকৈ মাৰাত্মক বুলি অভিহিত কৰিছে সংস্থাটোৰ মুৰব্বী টেড্ৰ’ছ আধানাম ঘেব্ৰিয়াছুছে।

টেড্ৰ’ছে জানিবলৈ দিয়া মতে চলিত সপ্তাহতেই কৰ’নাৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে সংস্থাটোৰ জৰুৰী কমিটিৰ এখন বৈঠক আহ্বান কৰিব। 

ইয়াৰ পূৰ্বেও বিশ্ব স্বাস্থ্য সংস্থাই পাঁচবাৰকৈ বিশ্বজুৰি জৰুৰী অৱস্থা জাৰি কৰিছিল। 

ইব’লাৰ বাবে দুবাৰ, জিকা,পলিঅ’ আৰু ছোৱাইন ফ্লুৰ বাবে এবাৰকৈ সংস্থাটোৱে পূৰ্বে জৰুৰী অৱস্থা জাৰি কৰিছিল।

চলিত বছৰৰ জানুৱাৰি মাহৰ পৰা বৰ্তমানলৈকে গোটেই বিশ্বত ৬০ লাখৰো অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

এতিয়ালৈকে কৰ’না ভাইৰাছ মহামাৰীত ৬লাখতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছে লগতে কৈছে যে বিশ্বৰ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংস্থাই যেতিয়া যোৱা ৩০ জানুৱাৰিত জৰুৰী অৱস্থা ঘোষণা কৰিছিল তেতিয়া চীনৰ বাহিৰত আক্ৰান্তৰ সংখ্যাই শতক অতিক্ৰম কৰা নাছিল আৰু কোনো লোকৰ মৃত্যু হোৱা নাছিল। 

আনহাতে, কৰ’না মহামাৰীক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে আমেৰিকাকে ধৰি কেইখনমান উন্নত দেশে সহযোগিতা আগনবঢ়োৱাক লৈয়ো সংস্থাটো সমস্যাৰ সন্মুখীন হৈছে।