NORTHEAST NOW (Assamese)
অসম

নিউয়ৰ্কত বিগত তিনিমাহত প্ৰায় ৫ লাখ লোকে এৰিলে চাকৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2024 1:19 pm

আমেৰিকাৰ নিউয়ৰ্কত যোৱা তিনিমাহত প্ৰায় ৫ লাখ লোকে চাকৰি এৰিছে। নিউয়ৰ্ক ষ্টেট ডিপাৰ্টমেণ্টে কৰ্মচাৰীৰ সংখ্যা হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইয়াৰ আগতে ইমান কম সময়ৰ ভিতৰতে ইমানবোৰ মানুহে চাকৰি এৰি দিয়া নাছিল।

বিশেষজ্ঞসকলৰ মতে চাকৰি প্ৰত্যাশীসকলে নতুন চাকৰি পোৱাৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাসী। চাকৰি এৰিলে নতুন চাকৰি পাব বুলি নিশ্চিত হোৱাৰ বাবেই এই সিদ্ধান্ত লৈছে।

নিউয়ৰ্কত বিভিন্ন খণ্ডত প্ৰায় ৫০ লাখ পদ খালী। ৰাজ্যখনৰ গৱৰ্ণৰ কেথী হোকুল আৰু চহৰখনৰ মেয়ৰ এৰিক এডামছেও ইয়াকে লৈ উদ্বেগ প্ৰকাশ কৰে।

লগতে পঢ়কঃ সোণ ব্যৱসায়ীৰ ঘৰত আয়কৰৰ অভিযান; উদ্ধাৰ নগদ ২৬ কোটি টকা, ৯০ কোটি টকাৰ সম্পত্তি জব্দ

তেওঁলোকে ফেডাৰেল চৰকাৰক আশ্ৰয়প্ৰাৰ্থীসকলক শ্ৰমিক শক্তি বৃদ্ধিৰ বাবে জৰুৰীভাৱে ৱৰ্ক পাৰ্মিট প্ৰদান কৰিবলৈ আহ্বান জনায়। বিভিন্ন নিযুক্তি সংস্থাৰ মতে নিউয়ৰ্কত থকাটো ব্যয়বহুল।

আইন-শৃংখলাৰ অৱনতি ঘটা পৰিস্থিতি আৰু সন্তানক উন্নত পৰিৱেশ আৰু স্কুলীয়া শিক্ষা দিয়াৰ ইচ্ছাৰ বাবে বহুতে নিউয়ৰ্ক এৰি যাব বিচাৰে। সেইবাবেই তেওঁলোকে ইয়াত চাকৰি এৰিছে। তাৰ সলনি তেওঁলোকে টেক্সাছ আৰু ফ্ল’ৰিডাৰ দৰে ঠাই বাছনি কৰিছে। বহুতে নিউয়ৰ্কৰ আলবানি, বিংহামটন, চিৰাকিউজ বা ৰচেষ্টাৰতো বাস কৰি আছে।

লগতে পঢ়কঃ Jawa 42 Bobber: এনফিল্ডক প্ৰত্যাহ্বান জনাই জাৱাই আনিছে এখন দুৰ্দান্ত বাইক; মূল্য ২.২৯ লাখ টকা

পৰিসংখ্যা অনুসৰি ২০২৪ চনৰ প্ৰথম তিনিমাহত ৫ লাখ ১০ হাজাৰ নিউয়ৰ্কৰ লোকে চাকৰি এৰিলে। ২০২৩ চনৰ এই সময়ত এই সংখ্যা আছিল প্ৰায় ৪ লাখ।