NORTHEAST NOW (Assamese)

চামগুৰিত স্বাধীনতা দিৱস; মুক্তিযোদ্ধা-জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

August 16, 2018 5:17 pm · বিদ্যুৎ জ্যোতি বৰা

কালি অৰ্থাৎ ১৫ আগষ্টৰ দিনা সমগ্ৰ দেশতে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়তো উলহ-মালহেৰে পালন কৰা হয়।

বুধবাৰে অনুষ্ঠিত হোৱা উদযাপন অনুষ্ঠানটোত  পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সঞ্জীৱ দলৈয়ে।

পৰৱৰ্তী সময়ত সাংস্কৃতিক অনুষ্ঠানেৰে মুকলি সভাখনি শুভাৰম্ভ হোৱাৰ পিছতেই চামগুৰি বৃহত্তৰ অঞ্চলৰ ৩১  গৰাকী ক্ৰমে মুক্তিযোদ্ধা, জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, সমাজ সেৱকক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাজহ চক্ৰটোৰ অৱসৰপ্ৰাপ্ত ১০ গৰাকী কৰ্মচাৰীকো সম্বৰ্ধনা জ্ঞাপন কৰে।

চামগুৰি সংযুক্ত সাংবাদিক সন্থাৰ সম্পাদক নিলৰঞ্জন শৰ্মাই আঁত ধৰা  অনুষ্ঠানটোতে উপস্থিত সাংবাদিক সকলক আদৰণি জনোৱাৰ লগতে চামগুৰিলৈ গৌৰৱ কঢ়িয়াই অনা বিভিন্ন বিদ্যালয়ৰ ৪০ গৰাকী মেধা সম্পন্ন  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক প্ৰশংসা পত্ৰ আৰু ফুলাম গামোচাৰে চামগুৰি প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

আনহাতে শিশুসকলৰ বিকাশৰ উদ্দেশ্যে সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।

Related News