NORTHEAST NOW (Assamese)

চাণক্য বিধান: সপোনৰ ঘৰটি সাজোঁতে বাচনি নকৰিব এনে স্থান

September 10, 2023 7:03 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 10, 2023 12:34 am

যিকোনো ব্যক্তিয়েই নিজাকৈ এখন ঘৰ বনোৱাৰ সপোন দেখে। কিন্তু কেনে স্থানত ঘৰ বনালে কোনো সম্ভাব্য অসুবিধাৰ সৃষ্টি নহয়, সেই বিষয়ত ব্যক্তিগৰাকীৰ ধাৰণা নাথাকিবও পাৰে। সেয়েহে ঘৰ বনোৱাৰ ক্ষেত্ৰত চাণক্যৰ উপদেশ যথেষ্ট অনুকৰণীয়।

ভাৰতীয় সমাজ-জীৱনত আচাৰ্য চাণক্যৰ নীতি সদায়েই অনুকৰণীয় হৈ আহিছে। মানৱ জীৱনৰ লগত জড়িত প্ৰতিটো দিশতে চাণক্যই আগবঢ়াই গৈছে পৰামৰ্শ। এই পৰামৰ্শসমূহ ভাৰতীয় সমাজত অত্যন্ত ফলপ্ৰসূ হিচাপে পৰিগণিত হৈছে।

চাণক্যই এনে পাঁচটা স্থানৰ কথা উল্লেখ কৰিছে, যি স্থানত তেওঁৰ মতে মানুহে কেতিয়াও ঘৰ সাজিব নালাগে। চাণক্যই উল্লেখ কৰা এই পাঁচটা স্থানৰ বিষয়ে চাওঁ আহক:

১/ আচাৰ্য চাণক্যই কৈছে যে য’ত জীৱিকাৰ মাধ্যম সৃষ্টি কৰিব নোৱাৰি, ভুলতেও এনে ঠাইত ঘৰ সাজিব নালাগে। অন্যথা জীৱনটো অসুবিধাত পাৰ হৈ যায়। বসতি স্থাপনৰ বাবে সদায় এনেকুৱা ঠাই বাছি ল’ব লাগে, য’ত জীৱিকাৰ সৃষ্টিৰ সম্পূৰ্ণ সম্ভাৱনা থাকে।

২) চাণক্যৰ মতে, যি ঠাইত মানুহৰ বিনয়ী স্বভাৱ নাথাকে, তেনে ঠাইত কেতিয়াও ঘৰ সাজিব নালাগে। য’ত সামাজিক জ্ঞানৰ উপস্থিতি থাকে, তাতেই ঘৰ সাজি লোৱাটোৱেই উত্তম।

৩) আচাৰ্য চাণক্যই কৈছে যে ঘৰখন এনে ঠাইত বসতি স্থাপন কৰিব লাগে, য’ত দানশীল লোক থাকে আৰু তেওঁলোকৰ ত্যাগৰ মনোভাৱ থাকে। এনে ঠাইত ঘৰ স্থাপন কৰিলে দান-বৰঙণিৰ অনুভূতি সৰ্বোচ্চ স্তৰত থাকে।

৪) আইনৰ প্ৰতি ভয় নথকা ঠাইত থিতাপি লোৱাৰ পৰা সদায় আঁতৰি থাকিব লাগে বুলি চাণক্যই পৰামৰ্শ আগবঢ়াই থৈ গৈছে। কিয়নো আইন-শৃংখলা মানি নচলা স্থানত সদায়ে জীৱন-সম্পদৰ নিৰাপত্তাৰ সংশয় থাকে।

৫) ঘৰটো সদায় এনে ঠাইত থাকিব লাগে, য’ত মানুহে দান-বৰঙণিত বিশ্বাস কৰে। কোৱা হয় যে দান-বৰঙণি কৰিলে গুণ পোৱা যায় যিয়ে আত্মাক পবিত্ৰ কৰে।

Related News