NORTHEAST NOW (Assamese)

ঋণৰ বিনিময়ত ৬৪ কোটি টকাৰ উৎকোচ! আইচিআইচিআই বেংকৰ প্ৰাক্তন মুৰব্বী চন্দা কোছৰক দোষী সাব্যস্ত

July 22, 2025 5:25 pm · এন ই নাও নিউজ, গুৱাহাটী

৩০০ কোটি টকাৰ ঋণৰ বিনিময়ত ৬৪ কোটি টকাৰ উৎকোচ! এই গুৰুতৰ গোচৰত আপীল ন্যায়াধিকৰণে আইচিআইচিআই বেংকৰ প্ৰাক্তন এমডি আৰু চিইঅ চন্দা কোছৰক দোষী সাব্যস্ত কৰিছে। অভিযোগ আছিল যে এই বৃহৎ ঋণ ভিডিঅকন কোম্পানীটোক চন্দাই সম্পূৰ্ণ অবৈধভাৱে দিছিল। ইয়াৰ পিছতে ভিডিঅকনে এই ধন চন্দাৰ স্বামী দীপক কোছাৰ কোম্পানীলৈ প্ৰেৰণ কৰে। কেৱল সেয়াই নহয়, ন্যায়াধিকৰণে এই গোচৰত ইডিৰ সম্পত্তি জব্দ কৰাৰ সিদ্ধান্তক বৈধ বুলি ঘোষণা কৰিছে।

চন্দাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আছিল যে ২০০৯ চনৰ ২৭ আগষ্টত আইচিআইচিআই বেংকে ভিডিঅকনক ৩০০ কোটি টকাৰ ঋণ অনুমোদন জনাইছিল। ঠিক পিছদিনা ভিডিঅকনে চন্দাৰ স্বামী দীপকৰ কোম্পানী ‘নিউ পাৱাৰ ৰিনিউৱেবলছলৈ ৬৪ কোটি টকা প্ৰেৰণ কৰে। ন্যায়াধিকৰণে এই কাণ্ডক ‘ঋণৰ সলনি উৎকোচ বুলি উল্লেখ কৰে। এই গোচৰত চন্দাক দোষী সাব্যস্ত কৰা ন্যায়াধিকৰণে কয় যে ঋণ অনুমোদনৰ নামত উৎকোচ লোৱাত কোনো সন্দেহ নাই। এই অপৰাধৰ সকলো প্ৰমাণ পোৱা গৈছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ন্যায়াধিকৰণে কয় যে ঋণ অনুমোদন কৰাৰ সময়ত চন্দাই ভিডিঅকনৰ সৈতে স্বামীৰ ব্যৱসায়িক সম্পৰ্কৰ কথা প্ৰকাশ কৰা নাছিল। ফলত বেংকৰ স্বাৰ্থ উলংঘা কৰা হৈছে। চন্দা কোছৰে স্বামীৰ কাম-কাজৰ বিষয়ে অজ্ঞাত আছিল বুলি কব নোৱাৰে। এই গোচৰত কোছৰ দম্পতীহালৰ ৭৮ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ সিদ্ধান্তক সমৰ্থন জনাইছে ন্যায়াধিকৰণে।

মন কৰিবলগীয়া যে এই গোচৰত চিবিআইয়ে ২০২২ চনৰ ২৩ ডিচেম্বৰত চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপকক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ২০২৩ চনৰ ৯ ডিচেম্বৰত বম্বে উচ্চ ন্যায়ালয়ে দম্পতীহালক গ্ৰেপ্তাৰ অবৈধ বুলি উল্লেখ কৰি জামিন মঞ্জুৰ কৰে। এইবাৰ ঋণ সম্পৰ্কীয় উৎকোচ গোচৰত দোষী সাব্যস্ত হল চন্দা। প্ৰসংগক্ৰমে দেশৰ ‘সৰ্বাধিক বিখ্যাত বেংকাৰ আইচিআইচিআই বেংকৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক চন্দা কোছৰে এসময়ত বেংকাৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল। খুচুৰা বেংকিং ব্যৱস্থা পুনৰ উদ্ভাৱনৰ ক্ষেত্ৰত তেওঁৰ অৱদান আজিও সৰ্বসন্মতিক্ৰমে স্বীকাৰ কৰা হৈছে।

Related News