NORTHEAST NOW (Assamese)

১৬ দিনৰ বাবে চীল কৰা হ’ল চানমাৰীৰ মিলন নগৰ মছজিদ

April 27, 2020 1:22 pm · দীপজ্যোতি শৰ্মা
Updated: April 27, 2020 3:09 pm

মহানগৰ প্ৰশাসনে আজি চানমাৰীৰ মিলন নগৰত থকা ২নং মছজিদটো ১৬ দিনৰ বাবে চীল কৰি দিয়ে। অহা ১১ মে’লৈ মচজিদটোত কোনো ব্যক্তি প্ৰবেশ প্ৰৱেশ কৰিব নোৱাৰিব।

জানিব পৰা মতে মছজিদটোৰ দায়িত্বত থকা ইমাম ইহাদুৰ ৰহমানে ল’কডাউনৰ চলি থকাৰ মাজতে ৰে’ড জ’ন হিচাপে ঘোষিত নলবাৰীলৈ গৈ তাৰ পৰা পত্নী আৰু পুত্ৰক লৈ উভতি আহিছিল। ৰমজান মাহ আৰম্ভ হোৱা হেতুকে ইমাম গৰাকীয়ে পূৰ্বৰ দৰে তাৰ পৰা ঘূৰি আহি যোৱা দেওবাৰেও মছজিদটোত আজান দিছিল।

ইপিনে পত্নী-পুত্ৰক লৈ তেওঁ নলবাৰীৰ পৰা ঘূৰি অহাৰ বুলি স্থানীয় ৰাইজে জানিব পাৰি প্ৰশাসনক খবৰ দিয়ে। মহানগৰ জিলা প্ৰশাসনে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত দেওবাৰে মছজিদটোত উপস্থিত হৈ ইমাম ইহাদুৰসহ পত্নী আৰু পুত্ৰক পৃথকে পৃথকে কোৱাৰেণ্টাইন কৰে।

ইয়াৰ পিচত জিলা প্ৰশাসনে মছজিদটোৰ লগতে সমগ্ৰ মিলনপুৰ অঞ্চলটো চেনিটাইজ কৰে আৰু সুৰক্ষাজনিত কাৰণত  ১৬ দিনৰ বাবে মচজিদটো চীল কৰি দিয়ে।

আনহাতে ইতিমধ্যে নলবাৰীত থকা ইমান গৰাকীৰ পৰিয়ালৰ আন সদস্যসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে। এইপৰ্যন্ত কোনো এগৰাকী লোকৰ দেহত কৰ’নাৰ উপস্থিত পোৱা নাই যদিও সকলোকে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হৈছে।

Related News