NORTHEAST NOW (Assamese)
অসম

চন্দ্ৰযান-২ ৰ পৰা প্ৰেৰণ কৰা পৃথিৱীৰ প্ৰথম চিত্ৰ; চাওক ধৰিত্ৰীৰ সেই বিৰল ছবি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2019 2:54 pm
chandra5_080419123429

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (আই এছ আৰ অ’)ৰ বিজ্ঞানীসকলে সফলতাৰে দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-২ক নিৰৱিচ্ছিন্নভাৱে পৃথিৱীৰ কক্ষৰ পৰা আগুৱাই লৈ  গৈছে।

অভিযান আৰম্ভ হোৱাৰ পাছত চন্দ্ৰযানে প্ৰথমবাৰৰ বাবে পৃথিৱীৰ বিৰল আৰু ৰোমাঞ্চকৰ ছবি প্ৰেৰণ কৰিছে।

ইছৰোই জনোৱা মতে, চন্দ্ৰযান-২য়ে এই ছবি LI4কেমেৰাৰে গ্ৰহণ কৰিছে য’ত পৃথিৱীখনক নীলা ৰঙৰ দেখা গৈছে।

chandra2_080419123429

মহাজাগতিক সময় অনুসৰি এই ছবিসমূহ ১৭ বাজি ৩২ মিনিটত তোলা হৈছে। মহাজাগতিক সময়, সময়ৰ মানক যিয়ে পৃথিৱীৰ আৱৰ্তনৰ গতিৰ মাত্ৰাক সূচায়।

ইয়াক ঘড়ীৰ দ্বাৰা নহয়, বৰঞ্চ তাৰকা ৰাশিক চাই গণনা কৰা হয়। ভাৰত সমন্বিত মহাজাগতিক সময়তকৈ ৫ ঘন্টা ৩০ মিনিট আগত চলি আছে।

২ আগষ্টৰ দুপৰীয়া ৩ বাজি ২৭ মিনিটত চন্দ্ৰযান-২ৰ কক্ষপথ সফলতাৰে চতুৰ্থবাৰৰ বাবে সলনি কৰা হয়।

২২ জুলাই শুভাৰম্ভৰ পাছৰে পৰা চন্দ্ৰৰ দক্ষিণী কোণ ঢুকি পাবলৈ চন্দ্ৰযান-২ৰ ৪৮ দিনীয়া যাত্ৰা আৰম্ভ হৈছে।

শুভাৰম্ভৰ ১৬.২৩ মিনিট বাছত চন্দ্ৰযান-২ পৃথিৱীৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ উচ্চতাত গৈ জিএছএলভি –এমকে ৩ ৰকেটৰ পৰা পৃথক হৈ পৃথিৱীৰ কক্ষপথত ঘুৰি আছে।

chandra1_080419123429

ইছৰোৰ বিজ্ঞানীসকলে চন্দ্ৰযান-২ৰ শুভাৰম্ভণিৰ পাছত বহুত পৰিৱৰ্তন কৰিছে।

চন্দ্ৰযান-২ য়ে ২২ জুলাইৰ পৰা ৬ আগষ্টলৈকে পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰিব।

ইয়াৰ পাছত ১৪ আগষ্টৰ পৰা ২০ আগষ্টলৈকে চন্দ্ৰৰ দিশলৈ যাৱলগীয়া দীঘলীয়া কক্ষপথেৰে যাত্ৰা কৰিব।

২০ আগষ্টতে ই চন্দ্ৰৰ কক্ষপথত উপস্থিত হ’ব। তাৰ পাছত ১১ দিন অৰ্থাৎ ৩১ আগষ্টলৈকে ই চন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰিব।

ইয়াৰ পাছত ১ ছেপ্টেম্বৰত ই গৈ থকা অৰ্বিট’ৰৰ পৰা পৃথক হৈ চন্দ্ৰৰ দক্ষিণ কোণলৈ যাত্ৰা আৰম্ভ কৰিব।