NORTHEAST NOW (Assamese)
Popular Stories

চন্দ্ৰৰ কক্ষপথ পৰিক্ৰমা সম্পূৰ্ণ; এইবাৰ চন্দ্ৰপৃষ্ঠত মসৃন অৱতৰণৰ পথত চন্দ্ৰযান-৩

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2023 9:28 am

সম্পূৰ্ণ হৈছে চন্দ্ৰৰ কক্ষপথ পৰিক্ৰমা। ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰিবলৈ আগবাঢ়িছে। শনিবাৰে গভীৰ নিশা লেণ্ডাৰ বিক্ৰমৰ চূড়ান্ত কক্ষপথ পৰিৱৰ্তনৰ পৰ্যায়টো সম্পূৰ্ণ হয়। চন্দ্ৰলৈ যোৱাৰ পথত বিক্ৰমে শেষ পৰিকল্পিত কক্ষপথত উপনীত হৈছে। এইবাৰ চন্দ্ৰপৃষ্ঠত মসৃন অৱতৰণৰ দিশে আগবাঢ়িছে।

শনিবাৰে নিশা ২ বজাত বিক্ৰমৰ চূড়ান্ত কক্ষপথ সলনি কৰা হয়। ইছৰোৰ তথ্য অনুসৰি বিক্ৰমে পৰিকল্পনা অনুসৰি আগবাঢ়িছে। এই মুহূৰ্তত বিক্ৰম আৰু চন্দ্ৰৰ মাজৰ আটাইতকৈ কম দূৰত্ব মাত্ৰ ২৫ কিলোমিটাৰ। আটাইতকৈ বেছি দূৰত্ব ১৩৪ কিলোমিটাৰ। অহা ২৩ আগষ্ট বুধবাৰে বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ চেষ্টা কৰিব।

লগতে পঢ়ক: পথৰ পৰা খাৱৈত বাগৰি পৰিল সেনাবাহিনীৰ গাড়ী; লাডাখত ভয়ংকৰ দুৰ্ঘটনাত ৯ জন জোৱানৰ মৃত্যু

বিক্ৰমৰ ভিতৰত আছে ৰ’ভাৰ প্ৰজ্ঞান। চাৰি বছৰ পূৰ্বে এই পৰ্যায়তে বিফল হৈছিল ভাৰতৰ চন্দ্ৰ অভিযান। সকলো পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছতো লেণ্ডাৰখনে চন্দ্ৰৰ পৃষ্ঠভাগ স্পৰ্শ কৰাৰ ঠিক আগতেই ইছৰোৰ বিজ্ঞানীসকলে ইয়াৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। এই পৰ্যায়টোক সেয়েহে চন্দ্ৰ অভিযানৰ আটাইতকৈ কঠিন পৰ্যায় বুলি গণ্য কৰা হয়।

এইবাৰ তেনেকুৱা একো নহ’ব বুলিয়েই কৈছে ইছৰোৱে। তেওঁলোকে দাবী কৰে যে চন্দ্ৰযান-৩ সকলো বিফলতাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু। ইছৰোৰ এজন বিষয়াই জনোৱা মতে, চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমক এনেদৰে ডিজাইন কৰা হৈছে যে সকলো চেন্সৰসহ ইয়াৰ দুটা ইঞ্জিন বন্ধ হৈ গ’লেও ২৩ আগষ্টত ই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰিব। কিন্তু মাত্ৰ এটাই চৰ্ত, ইয়াৰ প্ৰপালচন ব্যৱস্থাই সঠিকভাৱে কাম কৰিব লাগিব।

উল্লেখ্য যে যোৱা ১৪ জুলাইৰ দুপৰীয়া ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ‘লঞ্চিং পেড’ৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। বিক্ৰম লেণ্ডাৰখনে উৎক্ষেপণৰ ৪১ দিনৰ পাছত বুধবাৰে বিয়লি চন্দ্ৰত স্পৰ্শ কৰাৰ কথা। এই অভিযান সফল হ’লে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পাছত চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত।