NORTHEAST NOW (Assamese)

তামুলপুৰত উলহ-মালহেৰে পালন ষট পূজা

November 11, 2021 9:56 am · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ষট পূজা উপলক্ষে উদুলি মুদুলি পৰিবেশ তামুলপুৰৰ মটঙা নৈৰ পাৰত।

উলহ মালহেৰে পালন কৰা হৈছে বিহাৰী সম্প্ৰদায়ৰ লোক সকলৰ ষট পূজা বা সূৰ্য্য আৰাধনা পূজা।

তামুলপুৰৰ মাজেদি বৈ যোৱা মটঙা নদীৰ ঘাটত ষট পূজা বিধিগত ভাৱে সম্পন্ন কৰে।

আটকধুনীয়াকৈ নৈৰ পাৰত পূজা মণ্ডপ সজাই-পৰাই তুলি পূজা সম্পন্ন কৰা হৈছে।

ষট পূজাৰ ধৰ্মীয় ৰীতি নীতি মতে পূজাৰ সামগ্ৰী লৈ নৈৰ পাৰত সমাগম ঘটে ভক্তপ্ৰান ৰাইজৰ।

মনৰ কামনা পূৰ্ণ হোৱাৰ মানসেৰে ধৰ্মীয় ৰীতি অনুসৰি নদীৰ বুকুত পানীত নামি সূৰ্য্য দেৱতাক নৈবেদ্যৰে পূজা-অৰ্চনা আগবঢ়ায়।

আজি পুৱতি নিশাৰ পৰা উদিত সূৰ্য্য দেৱতাৰ পৰম্পৰা পূজা আৰু যজ্ঞৰ পাছতেই প্ৰসাদ বিতৰণৰে সমাপ্ত হব ষট পূজাৰ।

Related News