NORTHEAST NOW (Assamese)
অসম

মাইক্র’ ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত মহিলাক ৰাম ঠগন মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ, কোনে কৰিলে এই অভিযোগ?

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 19, 2021 7:20 pm
pp

শপতগ্ৰহণ কৰিয়েই নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰিলে ওলোটা খৰ
মাইক্রফাইনেন্সৰ ঋণ ৰেহাইৰ নামত আঁভুৱাভাঁৰিছে গ্ৰাম্য অঞ্চলৰ মহিলাক । এই অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ।

গ্ৰাম্য অঞ্চলৰ সৰ্বহাৰা মহিলাক লৈ আঁভুৱাভাঁৰা ৰাজনীতি আৰু ল’ৰা ধেমালি কৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীক আজি শিৱসাগৰৰ আমগুৰিত এইদৰে হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্ব গ্ৰাম্যঞ্চলৰ মহিলাৰ মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰিব বুলি ঘোষণা কৰি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই শপতগ্ৰহণ কৰাৰ পিছতেই চৰকাৰে গঠন কৰি দিয়া কমিটিয়ে ঋণ মাফ নহয়, সুত মাফ কৰাৰ কথা বিবেচনা কৰিব বুলি ঘোষণা কৰে ।

পুঁজিপতিক কোটি কোটি টকা ৰেহাই দিয়া চৰকাৰে গ্ৰাম্যাঞ্চলৰ সৰ্বহাৰা মহিলা সকলক কিয় দিব নোৱাৰে বুলি প্ৰশ্ন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিয়ে ছাত্ৰ মুক্তিয়ে।
ঋণ ৰেহাই নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি তীব্র প্ৰতিবাদৰ কৰিব বুলিও হুংকাৰ দিয়ে ছাত্ৰ মুক্তি,কৃষক মুক্তি আৰু সৰ্বহাৰা মহিলাসকলে ।