NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কক মূল ইচ্ছ্যু হিচাপে লৈ এইবাৰ পঞ্চায়ত নিৰ্বাচনত নামিব জনতা দল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 14, 2018 11:05 pm
Janta Dal

ৰাজ্যত পুনৰ ভূমুকি মাৰিছে জনতা দলে। বিহাৰৰ মুখ্য মন্ত্ৰী নিতিশ কুমাৰৰ নেতৃত্বত থকা ‘জনতা দল(য়ুনাইটেড)এ ইতিমধ্যে ৰাজ্যত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।

আনহাতে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব লগীয়া দলটোত ইচ্ছ্যুক প্ৰাৰ্থীয়ে ফোনযোগেও জনতা দলৰ পৰা টিকট লাভ কৰিব পাৰিব। আজি দিচপুৰ প্ৰেছ ক্লাৱত এই কথা জানিবলৈ দি দলটোৰ কাৰ্য্যকৰী সভাপতি কৌশিক শৰ্মাই কয় যে ‘ইচ্ছ্যুক প্ৰাৰ্থীয়ে জনতা দলৰ ৰাজ্যিক সমিতিৰ লগত যোগাযোগ কৰিও টিকট ল’ব পাৰিব।‘

তেওঁলোকে যোগাযোগ কৰিবলৈ দিয়া নম্বৰ কেইটা ক্ৰমে ‘৯৯৫৪৯৫৩১৭৭, ৮৪৮৬১৩০২৯৮ আৰু ৮৪৭২৮০২৫০১।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ ৰাজ্যজুৰি অব্যাহত থকা তীব্ৰ আন্দোলনৰ সুযোগ লৈ জনতা দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কক মূখ্য নিৰ্বাচনী ইচছ্যু হিচাপে লৈ ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা চলাব বুলি কৌশিক প্ৰাণ শৰ্মাই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে নিতীশ কুমাৰৰ প্ৰতক্ষ পৰ্য্যবেক্ষণত নিৰ্বাচনত নামিব লগা দলটোৱে প্ৰথম অৱস্থাত ৰাজ্যৰ ৪২০ টা জিলা পৰিষদৰ সদস্যৰ ভিতৰত ২৪ জন জিলা পৰিষদৰ প্ৰাৰ্থী থিয় কৰাব। ইয়াৰোপৰি দুয়োটা পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে প্ৰায় ৭০ গৰাকী গাঁও পঞ্চায়তৰ সদস্যক জনতা দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

যিহেতু প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন কাইলৈ, সেয়েহে কাইলৈ মনোনয়ন দাখিলৰ দুই ঘন্টামানৰ আগলৈকে ইচ্ছ্যুক প্ৰাৰ্থীয়ে টিকট ল’ব পাৰিব জনতা দলৰ পৰা। অৱশ্যে দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ অঞ্চলৰ প্ৰাৰ্থীসমূহৰ বাবে খোলা ৰখা হ’ব টিকট লোৱাৰ ব্যৱস্থাটো।

জানিব পৰা মতে, পঞ্চায়ত নিৰ্বাচনত দৰং, গোলাঘাট, বৰপেটা, বৰাক উপত্যকাৰ হাইলাকান্দি ইত্যাদি জিলাত বেছিকৈ গুৰুত্ব আৰোপ কৰিব জনতা দলে। আনহাতে, টিকট প্ৰদানৰ বাবে কোনোধৰণৰ মাননী নলওঁ বুলি সংবাদমেলত উল্লেখ কৰে যদিও ৫ টকীয়া সদস্য ভৰ্তি ৰচিদ আৰু ১২৫ টকীয়া আজীৱন সভ্য হোৱাৰ ৰচিদ ক্ৰয় কৰিব লাগিব প্ৰাৰ্থীয়ে।

উল্লেখযোগ্য যে, অসমতো গোলাপ বৰবৰাৰ নেতৃত্বত ১৯৭৮ চনত এখন চৰকাৰ গঠিত হৈছিল আৰু উক্ত চৰকাৰখনে মাত্ৰ ১৮ মাহ সময়হে শাসনভাৰ চলাই নিব পাৰিছিল।