NORTHEAST NOW (Assamese)

সত্তৰ বছৰীয়া শূন্যতাৰ অৱসান: শীঘ্ৰেই ভাৰতত দেখিবলৈ পোৱা যাব চিতা বাঘ

July 21, 2022 12:44 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 21, 2022 12:45 pm

সম্পূৰ্ণ সাতটা দশকৰ শূন্যতাৰ পিছত ভাৰতৰ ভূমিত আকৌ এবাৰ দেখিবলৈ পোৱা যাব চিতা বাঘ। ১৯৫২ চনত ভাৰতত বিলুপ্ত হৈ যোৱা এই বিশেষ প্ৰজাতিৰ বাঘবিধ পুনৰ দেশলৈ ঘূৰি আহিবলৈ সাজু হৈছে।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা এক পৰিকল্পনাৰ অধীনত অহা পাঁচ বছৰত ভাৰতত ৫০ টা চিতাবাঘ উপলব্ধ কৰা হ’ব।

এই পৰিকল্পনা অনুসৰি নামিবিয়া বা দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰায় ১০-১২ টা ডেকেৰুৱা চিতা বাঘ আমদানি কৰা হ’ব।

মধ্য প্ৰদেশৰ কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানক চিতা বাঘ প্ৰৱৰ্তনৰ বাবে অগ্ৰাধিকাৰ তালিকাত উচ্চ স্থান দিয়া হৈছে। অহা আগষ্ট মাহত ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰায় আঠটা চিতা প্ৰৱৰ্তন কৰা হ’ব বুলি আশা কৰা হৈছে।

উদ্যানখন চিতা বাঘৰ বসবাস আৰু পৰ্যাপ্ত চিকাৰৰ বাবে উপযুক্ত স্থলী হিচাপে গণ্য কৰা

ইয়াৰ পূৰ্বে ২০২১ চনৰ নৱেম্বৰতে চিতা বাঘৰ প্ৰত্যৱৰ্তন কৰা হ’ব বুলি আশা কৰা হৈছিল যদিও ক’ভিদ মহামাৰীৰ বাবে এই পৰিকল্পনা স্থগিত ৰখা হৈছিল।

উল্লেখ্য যে চিতা (একনিক্স জুবাটাছ) হৈছে আফ্ৰিকা আৰু মধ্য ইৰাণৰ স্থানীয় এবিধ বিশেষ প্ৰজাতিৰ বাঘ। চিতা বাঘক বিশ্বৰ আটাইতকৈ দ্ৰুততম জন্তু হিচাপে গণ্য কৰা হয়।

ই ঘণ্টাত ৮০ ৰ পৰা ১২৮ কিলোমিটাৰ বেগত দৌৰিব পৰাকৈ সক্ষম বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে বিশ্বাসযোগ্যভাৱে ৰেকৰ্ড কৰা চিতাৰ দ্ৰুততম গতি হৈছে ঘণ্টাত ৯৩ ৰ পৰা ৯৮ কিলোমিটাৰ।

এটা প্ৰাপ্তবয়স্ক চিতা বাঘৰ শৰীৰৰ দৈৰ্ঘ্য ১.১ মিটাৰৰ পৰা ১.৫ মিটাৰৰ ভিতৰত হয়। আনহাতে ইয়াৰ ওজন প্ৰায় ৭২ কিলোগ্ৰাম পৰ্যন্ত হয়।

Related News